দ্ৰুতবেগী বাহনে মহটিয়াই নিলে আৰক্ষীসহ মটৰ চাইকেল - ROAD ACCIDENT IN NAGAON
🎬 Watch Now: Feature Video

Published : April 22, 2026 at 5:55 PM IST
নগাঁও: ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গ'ল নগাঁও চহৰক । নগাঁও চহৰৰ নতুন বজাৰত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো । এখন দ্ৰুতবেগী চুইফ্ট ডিজায়াৰ বাহনে মহটিয়াই নিয়ে মহিলা আৰক্ষী থকা এখন ৰেপিড' মটৰ চাইকেলক । নগাঁৱৰ পুৰণিগুদামৰ হাতী গাৱঁৰ অনুস্মিতা বৰা নামৰ মহিলা আৰক্ষীগৰাকীয়ে ৰেপিড' বুক কৰি গৈছিল নিজা কৰ্তব্যস্থলীলৈ ।
সেই সময়তে দ্ৰুতবেগী বাহনখনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় অনুস্মিতা বৰাসহ ৰেপিড' চালকজন । মঙলবাৰেই সংঘটিত হৈছিল দুৰ্ঘটনাটো । সমগ্ৰ দৃশ্য বন্দী হৈছিল চিচি টিভি কেমেৰাত । চিচি টিভি কেমেৰাত বন্দী হোৱা দৃশ্যত পৰিলক্ষিত হোৱা অনুসৰি দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাহনখনে । দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ গৰাকীক আটক কৰা তথা বাহনখন জব্দ কৰা হ'ল নে নাই সেই সন্দৰ্ভত বৰ্তমানলৈ কোনো তথ্য পোহৰলৈ অহা নাই ।