একেখন মটৰচাইকেলত আছিল ৪ জন, থিতাতে ৩ জনৰ মৃত্যু - ইটিভি ভাৰত অসম
🎬 Watch Now: Feature Video

Published : June 30, 2026 at 2:46 PM IST
ডিব্ৰুগড়: চৰাইদেউ জিলাৰ বৰহাটত সোমবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত তিনিজন যুৱকৰ থিতাতে মৃত্যু হয় ৷ নিহত যুৱক তিনিজনক গৌৰৱ টুডু, সুৰুয ভূমিজ আৰু ইয়াকুব টপ্ন' বুলি চিনাক্ত কৰা হৈছে । নিশা এখন বাইকতে ৪ জন একেলগে আহিছিল আৰু তেওঁলোকে ধনেখনা চাহ বাগিচা তিনিআলিত ৰখাই থোৱা এখন ডাম্পাৰত খুন্দা মাৰে ৷
এই ঘটনাত বাইকত অহা তিনিজন যুৱক থিতাতে নিহত হোৱাৰ লগতে এজন গুৰুতৰভাবে আহত হয় । আহত যুৱকজনক সংকটজনক অৱস্থাত নিশা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰা হয় ।
স্থানীয় লোকে জানিবলৈ অহা মতে, বাইকখনত তীব্ৰ বেগেৰে আহিছিল যুৱককেইজন ৷ যাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ মৃত যুৱককেইজনক নিশাই সোণাৰিৰ জিলা চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।
লগতে পঢ়ক : যাত্ৰীবাহী বাহনত কয়লা ভৰ্তি ট্ৰাকৰ প্ৰচণ্ড খুন্দা, নিহত ৭ জন