জীৱিত শিশুক মৃত ঘোষণা কৰাক কেন্দ্ৰ কৰি কলিয়াবৰত উত্তপ্ত পৰিস্থিতি - কলিয়াবৰত জীৱিত শিশুক মৃত ঘোষণা

🎬 Watch Now: Feature Video

thumbnail
জীৱিত শিশুক মৃত ঘোষণা কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 20, 2026 at 6:14 PM IST

1 Min Read
Choose ETV Bharat

কলিয়াবৰ: নগাঁও জিলাৰ শিলঘাটৰ কলিয়াবৰ চাহ বাগিচাত জীৱিত এটি শিশুক মৃত ঘোষণা কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । চাহ বাগিচাৰ চিকিৎসালয়ৰ ফাৰ্মাচিষ্টৰ এই কাণ্ডত ক্ষুব্ধ হোৱা জনতাই নিশাই জবাবদিহি কৰে বাগিচা কৰ্তৃপক্ষক ।

শিলঘাটৰ কলিয়াবৰ চাহ বাগিচাৰ চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট নুৰ আলীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে । তিনিদিন পূৰ্বে জখলাবন্ধাৰ অসামৰিক চিকিৎসালয়ত জন্ম হৈছিল এটি কন্যা শিশুৰ । দেওবাৰে শিশুটি হঠাৎ অসুস্থ হোৱাত ভৰ্তি কৰিছিল বাগিচাৰ চিকিৎসালয়খনত । তাতে শিশুটিক মৃত বুলি ঘোষণা কৰে ফাৰ্মাচিষ্টজনে । পিছত শিশুটিক শ্মশানলৈ নিয়াৰ সময়তে শিশুটি জীয়াই থকাৰ উমান পায় মাতৃয়ে । লগে লগে শিশুটিক পুনৰ জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে তেজপুৰলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে । অৱশ্যে তেজপুৰত শিশুটিক মৃত ঘোষণা কৰে চিকিৎসকে ।  

ইয়াৰ পিছতে বাগিচা চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট নুৰ আলীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ । শিশুটিক জীৱিত অৱস্থাতে মৃত বুলি ঘোষণা কৰাৰ অভিযোগ তুলি নুৰ আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তোলে বাগিচাৰ লোকসকলে । ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । শিশুটি কলিয়াবৰ চাহ বাগিচাৰ অজয় ৰাজভৰৰ তিনিদিনীয়া সন্তান আছিল ।

লগতে পঢ়ক :পশ্চিমবংগত নিৰ্বাচনী কৰ্তব্যত নিয়োজিত অসমৰ জোৱানৰ ৰহস্যজনক মৃত্যু

চুৰিৰ অভিযোগত কেৰালাত প্ৰহাৰ কৰি অসমীয়াক হত্যা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details