নীটত উত্তীৰ্ণ হৈ দৰঙলৈ সুনাম কঢ়িয়ালে তেজস প্ৰতীম চহৰীয়াই - ইটিভি ভাৰত অসম

🎬 Watch Now: Feature Video

thumbnail
নীটত উত্তীৰ্ণ হৈ দৰঙলৈ সুনাম কঢ়িয়ালে তেজস প্ৰতীম চহৰীয়াই (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 18, 2026 at 3:27 PM IST

2 Min Read
Choose ETV Bharat

মঙলদৈ : সদ্যঘোষিত নীটৰ ফলাফলত দৰঙৰ ছিপাঝাৰৰ বাসিন্দা তথা মঙলদৈৰ গুৰুকুল গ্ৰুপ অব উইংছৰ ছাত্ৰ তেজস প্ৰতিম চহৰীয়াই ৫৯৩ নম্বৰ অৰ্জন কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনে । শনিবাৰে তেজস প্ৰতিমক বিদ্যালয়খনত উষ্ম আদৰণি জনায় গুৰুকুলৰ পৰিচালন সঞ্চালক দুৰ্লভ সৰকাৰে ।

তেজসে এই সফলতাত আনন্দ প্ৰকাশ কৰি কয়, "ক্লাছ নাইনৰ পৰা কৰা কষ্টৰ ফল আজি লাভ কৰিছোঁ । মই মুঠ ৫৯৩ নং লাভ কৰিছোঁ, শতাংশ হিচাপত ৯৯.৩ । নৱম শ্ৰেণীৰ পৰা মই প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ । কোনো ধৰণৰ অফলাইন কোচিং বা ব্যক্তিগত টিউচন লোৱা নাছিলোঁ । কেৱল অনলাইন কোচিং লৈছিলোঁ ।"

একাগ্ৰতা আৰু কঠোৰ অধ্যৱসায় থাকিলে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰি বুলিও মন্তব্য কৰে তেজস প্ৰতিম চহৰীয়াই । উল্লেখ্য যে তেজস প্ৰতিম চহৰীয়া হৈছে ছিপাঝাৰ মহাবিলয়ৰ অধ্যাপক মুকুল কুমাৰ চহৰীয়া আৰু মাজবাট মহাবিদ্যালয়ৰ শিক্ষক বিচিত্ৰ বালা নাথৰ পুত্ৰ । ভবিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ লক্ষ্য তেজস প্ৰতিম চহৰীয়াৰ ।  

উল্লেখ্য যে তেজসে নীট ইউজি ২০২৬ত ৭২০ নম্বৰৰ ভিতৰত ৫৯৩, শতকাৰ হিচাপত ৯৯.৩৬ শতাংশ লাভ কৰাৰ লগতে জেইই মেইনছ ২০২৬ত পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত ৯৯ পাৰ্চেণ্টাইল আইআইএছইআৰ (IISER) উৎকৃষ্ট স্থান লাভ কৰে । চিইউইটি (CUET) ২০২৬তো ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু জীৱবিজ্ঞানত ১০০ পাৰ্চেণ্টাইল লাভ কৰে ।

তেজস প্ৰতিম চহৰীয়াই চিবিএছইৰ দশম শ্ৰেণীত ৯৬.৬% লাভ কৰাৰ বিপৰীতে দ্বাদশ শ্ৰেণী ৯৩.৬% শতাংশ লাভ কৰিছিল ।

লগতে পঢ়ক :প্ৰত্যাহ্বানক নেওচি নীট-২০২৬ত সফলতা: জিলিকিল ডিমৰীয়াৰ ৰাহুল