নতুন দিল্লীত ৰাষ্ট্ৰীয় যুৱ সংসদত অসমৰ শিক্ষাৰ্থীৰ সাফল্য - ৰাষ্ট্ৰীয় যুৱ সংসদ
🎬 Watch Now: Feature Video

Published : April 11, 2026 at 5:31 PM IST
ধিং : নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ সংসদত অসমৰ চাৰিগৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে সাফল্য । অসমৰ চাৰিজনীয়া শিক্ষাৰ্থীৰ দলটোৱে 'সৰ্বশ্ৰেষ্ঠ বিদ্যালয় প্ৰতিনিধি বঁটা' লাভ কৰিবলৈ সক্ষম হয় ।
হোজাইৰ ইউনাইটেড পাব্লিক স্কুলৰ শিক্ষাৰ্থী জুয়িনা বিন্তে বাহাৰ, নাজিফ হুছেইন, ফাইজান আহমেদ আৰু মেহদিয়াই এই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । গাইড শিক্ষক পাৰছা বেগম আৰু ইফতিকাৰ আলমৰ তত্বাৱধানত এই দলটোৱে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ।
চাৰিগৰাকী শিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত এনে সাফল্য লাভ কৰা খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ হোজাই আৰু মৰিগাঁও অঞ্চলৰ শিক্ষানুৰাগী ৰাইজৰ মাজত ব্যাপক আনন্দৰ জোৱাৰ পৰিলক্ষিত হৈছে ।
শিক্ষাৰ্থীকেইগৰাকীৰ এই সাফল্যৰ বাবে বিভিন্নজনে বিদ্যালয়খনৰ কৰ্তৃপক্ষকো শুভেচ্ছা জনাইছে ৷ ইপিনে মৈৰাবাৰী প্ৰেছ ক্লাবৰ সভাপতি বাহাৰুল উলুম চৌধুৰীৰ সুকন্যা জুয়িনাৰ এই সাফল্যৰ খবৰে প্ৰেছ ক্লাব পৰিয়ালকো আনন্দিত কৰি তুলিছে ৷
লগতে পঢ়ক:কাৰাটে চেম্পিয়নশ্বিপত ধেমাজিৰ ৮ গৰাকী খেলুৱৈৰ পদক লাভ
হাফলঙত নিৰ্বাচনকেন্দ্ৰিক হিংসা: বিজেপিৰ বিৰুদ্ধে এজাহাৰ দাখিল এনপিপিৰ প্ৰাৰ্থী ডেনিয়েল লাংথাছাৰ