জোনাইত ধুমুহাত বিস্তৰ ক্ষতিসাধন; ৫টা পশুধনৰ মৃত্য়ু - জোনাইত ধুমুহাত ক্ষতিসাধন

🎬 Watch Now: Feature Video

thumbnail
জোনাইত ধুমুহাত বিস্তৰ ক্ষতিসাধন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 22, 2026 at 12:27 PM IST

1 Min Read
Choose ETV Bharat

জোনাই : জোনাই সমজিলা ৰাজহচক্ৰৰ অন্তৰ্গত বলাইপাম অকলেণ্ড গাঁৱত মঙলবাৰে আবেলি প্ৰায় ৪.৩০ বজাত অহা ধুমুহাৰ লগতে বজ্ৰ পৰাৰ ফলত ৫ টাকৈ পশুধনৰ মৃত্যু হয় । প্ৰচণ্ড ধুমুহাৰ ফলত জোনাইৰ কেইবাটাও অঞ্চলত বিস্তৰ ক্ষতিসাধন হয় । ঠায়ে ঠায়ে উভালি পৰে প্ৰকাণ্ড গছ । বৃহত্তৰ অঞ্চলটোত বিদ্যুৎ সেৱাত ব্য়াঘাত জন্মিছে । গছ উভালি বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথ ।

পশুধনৰ গৰাকীয়ে উল্লেখ কৰা মতে, প্ৰচণ্ড বৰষুণ-ঢেৰেকণিৰ ফলত পশুধন ঘৰলৈ অহা নাছিল । বুধবাৰে পুৱা বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰাত পথাৰত বজ্ৰপাতত একে ঠাইতে ৫ টাকৈ পশুধনৰ মৃত্যু হোৱা বুলি জানিব পাৰে । স্থানীয় ৰাইজ তথা পশুধনৰ গৰাকীয়ে জোনাই সমজিলা প্ৰশাসনক কৃষিকৰ্মৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালকেইটিক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে ।  

লগতে পঢ়ক:নলবাৰীত ধুমুহাই তচনচ কৰিলে ১২০ অধিক পৰিয়ালৰ ঘৰ, আহত কেইবাজনো

বিজুলী-ঢেৰেকণিৰে ৰাজ্যত আহিব ধাৰাসাৰ বৰষুণ ! সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details