বিলাসী বাহনৰ পৰা ওলাল ছাগলী, সুৰা, উদ্ধাৰ লাখ টকাৰ সোণৰ অলংকাৰ - ইটিভি ভাৰত অসম

🎬 Watch Now: Feature Video

thumbnail
বিলাসী বাহনৰ পৰা ওলাল ছাগলী, সুৰা, উদ্ধাৰ লাখ টকাৰ সোণৰ অলংকাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 9, 2026 at 8:50 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: উজনিত এতিয়া চলিছে গৰু আৰু ছাগলী চোৰৰ সন্ত্ৰাস । সহজে ধন ঘটিবলৈ একাংশই বিলাসী বাহনত গৰু-ছাগলী চুৰ কৰিবলৈ আৰম্ভ কৰিছে । এই ঘটনাসমূহে এতিয়া অতিষ্ঠ কৰি তুলিছে ৰাইজক । ইয়াৰ মাজতে দুৰ্ঘটনাত পতিত হোৱা বিলাসী বাহনৰ পৰা ওলাল সুৰাৰ বটল আৰু ৭টাকৈ চুৰি ছাগলী ।  

ডিব্ৰুগড় জিলাৰ টিংখাঙৰ টিপমীয়াত দুৰ্ঘটনাগ্ৰস্ত ছাগলী চোৰৰ বিলাসী বাহন । ৰাইজে হাতে-লোটে কৰায়ত্ব কৰিলে এজনক । চুৰি ছাগলী সৰবৰাহ কৰা এখন বিলাসী বেলেন’ বাহনে এখন ই-ৰিক্সাক খুন্দিওৱাৰ পাছতে নিয়ন্ত্ৰণ হেৰুৱাই পথাৰৰ মাজত সোমাই পৰে । দুৰ্ঘটনাটোৰ পিছতে গাড়ীখনৰ ভিতৰত থকা সমগ্ৰ চুৰিকাৰ্যৰ কথা পোহৰলৈ আহে ।

দুৰ্ঘটনাৰ পাছতে ৰাইজে তৎপৰতাৰে এটা চোৰক কৰায়ত্ত কৰে যদিও আন দুটা চোৰ ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় । ধৃত চোৰটো ডিব্ৰুগড়ৰ আমোলাপট্টিৰ ৰণী আখটাৰ বুলি জানিব পৰা গৈছে । AS-06-Y-5138 পঞ্জীয়ন নম্বৰৰ বাহনখনৰ ভিতৰত লুকুৱাই অনা অৱস্থাত ৰাইজে ৭ টাকৈ ছাগলী উদ্ধাৰ কৰে । ছাগলীকেইটাই কোনো ধৰণৰ চিঞৰ-বাখৰ কৰিব নোৱাৰাকৈ ছাগলীৰ মুখত টেপ মাৰি থোৱা আছিল ।  

ডিব্ৰুগড় ঘোঁৰামৰা আৰক্ষীৰ বৃহৎ সাফল্য:

ডিব্ৰুগড় জিলাৰ ঘোঁৰামৰা আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । কেইটামান ঘণ্টাৰ ভিতৰতে দিন-দুপৰতে সংঘটিত হোৱা চুৰিকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । উল্লেখ্য যে, যোৱা শনিবাৰে ঘোঁৰামৰা তিনিআলিৰ বাসিন্দা শৈলেন দত্তৰ বাসগৃহত কোনো লোক নথকাৰ সুযোগ লৈ চোৰে প্ৰায় ৩ লাখ টকাৰ সোণৰ অলংকাৰ আৰু নগদ ৫০ হাজাৰ টকা লুটি নিয়ে ।  

ঘটনাৰ পিছতে ঘোঁৰামৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ধেমাজি জিলাৰ লেলুৱানী গাঁৱত অভিযান চলায় । অভিযানত আৰক্ষীয়ে অভিযুক্ত চোৰটোক গ্ৰেপ্তাৰ কৰাৰ লগতে কিছু চোৰাং সোণৰ অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বৰ্তমান অভিযুক্ত সীমান্ত বৰুৱাক BNS-ৰ ৩০৫(এ), ৩৩১(৩) আৰু ৩২৪(২) ধাৰাত গোচৰ ৰুজু কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক: দুই লাখ চাকৰিয়ে নিবনুৱা সমস্যা সমাধান নকৰে: মন্ত্ৰী পীযুষ হাজৰীকা

গাই নদীৰ মথাউৰি নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগেৰে ধেমাজিত দল-সংগঠনৰ প্ৰতিবাদ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details