শিলচৰৰ ২৯ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা - HSLC EXAM RESULT 2026

🎬 Watch Now: Feature Video

thumbnail
শিলচৰৰ ২৯ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা বিধায়ক দীপায়ন চক্ৰৱৰ্তীৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 17, 2026 at 5:43 PM IST

1 Min Read
Choose ETV Bharat

শিলচৰ : ২০২৬ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কাছাৰ জিলাৰ উত্তীৰ্ণৰ হাৰ অন্য বছৰৰ নিচিনা হোৱা নাই । তথাপি প্ৰতি বছৰৰ দৰে এইবাৰো শিলচৰ বিধানসভা সমষ্টিৰ ২৯ খন চৰকাৰী আৰু বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত ২৯ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় শিলচৰ বিধানসভা সমষ্টিৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তীয়ে ।

শিলচৰ গান্ধী ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিধায়ক দীপায়ন চক্ৰৱৰ্তীয়ে মেধাৱী ছাত্ৰ-ছাত্ৰীক উত্তৰীয়, মানপত্ৰ আৰু নগদ ধনেৰে সম্বৰ্ধনা জনায় । সম্বৰ্ধনা অনুষ্ঠানত প্ৰধান অতিথি হিচাপে উপস্থিত থাকে গুৰুচৰণ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক নিৰঞ্জন ৰয় । বিশেষ অতিথি হিচাপে উপস্থিত থাকে কাছাৰ কলেজৰ অধ্যক্ষ অপ্ৰতিম নাগ ।

উল্লেখ্য যে, শিলচৰ বিধানসভা সমষ্টিৰ যি দুটা শিক্ষানুষ্ঠানৰ এশ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে ৷ সেই দুটা শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়ত্ৰীসকলক বিশেষভাৱে উত্তৰীয় আৰু মেমেণ্টো প্ৰদান কৰা হয় । এই দুই শিক্ষা প্ৰতিষ্ঠান হৈছে সূৰ্য কুমাৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু শ্যামা চৰণ দেৱ বিদ্যাপীঠ ।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বিধায়ক দীপায়ন চক্ৰৱৰ্তীয়ে কয়, "শিক্ষাৰ অগ্ৰগতিৰ বাবে মই সদায় সচেষ্ট থাকিম ৷"

লগতে পঢ়ক : পিতৃ-মাতৃয়ে কাম কৰে ইটাভাতাত, সুখ্যাতিৰে উত্তীৰ্ণ সন্তানক পঢুওৱাৰ দায়িত্ব ল’লে নিৰ্বাচনৰ প্ৰাৰ্থীয়ে

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details