যোৰহাটত ভয়াৱহ অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ ভস্মীভূত - যোৰহাটত অগ্নিকাণ্ড
🎬 Watch Now: Feature Video

Published : April 13, 2026 at 7:37 AM IST
যোৰহাট : যোৰহাটত সংঘটিত হৈছে ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ ভস্মীভূত হৈছে । দেওবাৰে নিশা ৰজামৈদাম গজপুৰীয়াত হঠাতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত মুহূৰ্ততে ৪ৰ পৰা ৫টা বাসগৃহ ভস্মীভূত হয়। যিকেইটা বাসগৃহ ভস্মীভূত হয় সেইকেইটাত ব্যৱসায়িকসূত্ৰে বহিঃৰাজ্য়ৰ পৰা অহা কেইবাজনো লোকে পৰিয়ালসহ বসবাস কৰিছিল ।
এই অগ্নিকাণ্ডত বাসগৃহকেইটাত থকা কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰিত হয় । ঘন জনবসতিপূৰ্ণ অঞ্চলটোত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱাত ঘটনাস্থলীত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । এই অগ্নিকাণ্ড শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰিছে । যিস্থানত অগ্নিকাণ্ড সংঘটিত হৈছিল সেই স্থানৰ নিচেই কাষতে আছে কমলাবাৰী সত্ৰৰ এখন শাখা সত্ৰ ।
লগতে পঢ়ক:যোৰহাটত ভয়াৱহ অগ্নিকাণ্ডত দহখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভষ্মীভূত