অগ্নিদেৱতাৰ প্ৰকোপ ! দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণত ভস্মীভূত সাতটাকৈ ঘৰ - FIRE INCIDENT IN SATGAON
🎬 Watch Now: Feature Video

Published : May 18, 2026 at 2:59 PM IST
গুৱাহাটী: গুৱাহাটী মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড ৷ চিলিণ্ডাৰ বিস্ফোৰণে কালৰূপ ধাৰণ কৰি নিমিষতে ছাইলৈ ৰূপান্তৰিত কৰিলে সাতটাকৈ ঘৰ ৷ মহানগৰীৰ সাতগাঁও থানাৰ পৰা মাত্ৰ ১০০ মিটাৰ নিলগত থকা সোণাই মিকিৰ পথত এই বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে ৷
তথ্য অনুসৰি, পথটোৰ বাসিন্দা প্ৰবীণ ৰংপীৰ ভাৰাঘৰৰ পৰাই জুইৰ সূত্ৰপাত ঘটে । ৰংপীৰ ঘৰত ভাৰাতীয়া হিচাপে দীৰ্ঘদিনৰে পৰা বাস কৰি আহিছে ছঘৰকৈ লোকে ৷ কোনো এগৰাকী ভাৰাতীয়াৰ ঘৰত হোৱা বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত ঘটে আৰু পৰৱৰ্তী সময়ত জুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷
দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত জুইৰ মাত্ৰা বৃদ্ধি পায় ৷ অঞ্চলটোৰ লোকসকলে নিজাববীয়া প্ৰচেষ্টাৰে জুই নুমুওৱাৰ চেষ্টা কৰে যদিও বিফল হয় ৷ অৱশেষত ঘটনাস্থলীত সাতগাঁও আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত এঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয় ৷
অতি পৰিতাপৰ কথা যে ৰাজ্যৰ ৰাজধানী চহৰখনত সংঘটিত এই জুই নিয়ন্ত্ৰণলৈ আনিবলৈ ঘটনাস্থলীত প্ৰায় এঘণ্টা পলমকৈহে অগ্নিনিৰ্বাপক বাহিনীৰ দুখন বাহন উপস্থিত হৈছিল ৷ এই অগ্নিকাণ্ডত কেইবালাখ টকা মূল্যৰ সা-সামগ্ৰী ভস্মীভূত হয় ।
লগতে পঢ়ক: আমিষ খাদ্যৰ পৰা সাত হাত দূৰৈত থকা এখন গাঁও, বিয়া-সবাহলৈ গ’লেও নিজৰ খাদ্য লগত নিয়ে গাঁওবাসীয়ে