বৰক্ষেত্ৰীৰ চৰত প্ৰথমা পত্নীৰ ভাতৃক হত্য়া ভনী জোৱায়েকৰ

🎬 Watch Now: Feature Video

thumbnail
প্ৰথমা পত্নীৰ ভাতৃক চোকা অস্ত্ৰৰে হত্য়া (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 19, 2026 at 11:00 AM IST

1 Min Read
Choose ETV Bharat

নলবাৰী : নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলত ভনী জোৱায়েকৰ হাতত এজন লোকে প্ৰাণ হেৰুৱালে । চোকা অস্ত্ৰৰে ভনী জোৱায়েকে জহৰ উদ্দিনক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

উত্থাপিত অভিযোগ অনুসৰি বৰক্ষেত্ৰীৰ শিয়ালমাৰী চৰৰ জহৰ উদ্দিনৰ ভগ্নী ছাজিৰণ নেচাক একে গাঁৱৰে হাফিজুৰ ৰহমানে বিয়া কৰাইছিল; কিন্তু দুমাহ মান পূৰ্বে হাফিজুৰ ৰহমানে দ্বিতীয় বিবাহ কৰায় । স্থানীয় ৰাইজৰ ভাষ্য় অনুসৰি তেতিয়াৰ পৰাই প্ৰথমা পত্নী আৰু হাফিজুৰৰ মাজত পাৰিবাৰিক কন্দল আৰম্ভ হয় । মঙলবাৰেও পাৰিবাৰিক কন্দলৰ পিছত ভনীয়েকৰ খবৰ ল'বলৈ যোৱা জহৰ উদ্দিনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ডিঙি ৰেপি হত্যা কৰে হাফিজুৰ ৰহমানে ।  

জহৰ উদ্দিনক সংকটজনক অৱস্থাত মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও ইয়াৰ পূৰ্বেই মৃত্য়ু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে । ঘটনাৰ পিছৰে পৰা অভিযুক্ত হাফিজুৰ ৰহমান আৰু তেওঁৰ দ্বিতীয় পত্নী পলাতক অৱস্থাত আছে । স্থানীয় ৰাইজে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

লগতে পঢ়ক:যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু; ঘটনাৰ সৈতে জড়িত কিশোৰীসহ তিনিজনক আটক

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ পূৰ্বৰ ভিডিঅ’ পোহৰলৈ, নতুন দিশ উন্মোচিত