বাজপেয়ী ভৱনত ভূপেন বৰা : গেৰুৱা বসন পৰিধান LIVE - BHUPEN BORAH JOIN BJP
🎬 Watch Now: Feature Video

Published : February 22, 2026 at 10:26 AM IST
|Updated : February 22, 2026 at 10:59 AM IST
কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান নিশ্চিত কৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন বিধায়ক ভূপেন বৰা অৱশেষত উপস্থিত হ'ল বাজপেয়ী ভৱনত । দেওবাৰে গুৱাহাটীৰ বাজপেয়ী ভৱনত কংগ্ৰেছ ত্যাগী ভূপেন বৰাক আদৰিবলৈ ব্যাপক আয়োজন কৰা হৈছে । সোমবাৰে পুৱা কংগ্ৰেছ ত্যাগ কৰা ভূপেন বৰাৰ গুৱাহাটীৰ ঘোঁৰামৰাৰ ঘৰত মঙলবাৰে নিশা উপস্থিত হৈছিল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । সেই সাক্ষাতৰ পিছতেই ভূপেন বৰাক কাষত বহুৱাই মুখ্যমন্ত্রীয়ে সংবাদমেল সম্বোধন কৰি কৈছিল যে ২২ ফেব্ৰুৱাৰীত ভূপেন বৰাই বিজেপিত যোগদান কৰিব । সেই অনুসৰি ২২ ফেব্ৰুৱাৰী, দেওবাৰে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত যোগদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে । বাজপেয়ী ভৱনত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা আৰু প্ৰাক্তন সাধাৰণ সম্পাদক ড৹ সঞ্জু বৰা প্ৰমুখ্যে বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিছে । নৱাগতসকলক আদৰিবলৈ দলৰ জ্যেষ্ঠ নেতাসকল বাজপেয়ী ভৱনত উপস্থিত হয় । বাজপেয়ী ভৱনৰ পৰা যোগদান অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ...