অসম বিধানসভাৰ ষষ্ঠদশ অধিৱেশনৰ দ্বিতীয়টো দিন LIVE - 16TH ASSAM LEGISLATIVE ASSEMBLY
🎬 Watch Now: Feature Video

Published : May 22, 2026 at 9:33 AM IST
আজি অসম বিধানসভাৰ ষষ্ঠদশ অধিৱেশনৰ দ্বিতীয়টো দিন ৷ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে আৰম্ভ সদনৰ কাম-কাজ ৷ ৰাজ্যপালগৰাকীয়ে প্ৰথমতে অসমীয়াতে নিজৰ ভাষণ আৰম্ভ কৰে ৷ কিন্তু ৰাজ্যপালৰ ভাষণৰ আৰম্ভণিতে সদন ত্যাগ কৰে কংগ্ৰেছী বিধায়কসকল । মূল্যবৃদ্ধি নিয়ন্ত্ৰণক লৈ সদন ত্যাগ কৰে কংগ্ৰেছে ৷ আনহাতে, বিধানসভাত ৰাজ্যপালৰ ভাষণত বাধা প্ৰদান কৰে বিধায়ক অখিল গগৈয়ে । বিভিন্ন সমস্যাৰ কথা কৈ সদনত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ এই অধিৱেশন ৷ অধিৱেশনৰ প্ৰথমদিনা বিধানসভাৰ সদস্যসকলে পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰে ৷ প্ৰ’টেম অধ্যক্ষ চন্দ্ৰ মোহন পাটোৱাৰীয়ে তেওঁলোকক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় ৷