পূৰ্বৰ সৌন্দৰ্যতা নাই বৃন্দাবনী বস্ত্ৰত : সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী - ইটিভি ভাৰত অসম

🎬 Watch Now: Feature Video

thumbnail
মাজুলীত উপস্থিত ডঃ পীতাম্বৰ দেৱগোস্বামী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 27, 2026 at 8:32 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী : ইংলেণ্ড ভ্ৰমণ সামৰি শনিবাৰে মাজুলীত উপস্থিত হয় আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামী । বিগত ১৭ জুনত ব্ৰিটিছ সংসদত “অসমৰ বৈষ্ণৱীয় সংস্কৃতি ইয়াৰ প্ৰভাৱ” শীৰ্ষক বিষয়ত মননশীল আৰু তথ্যসমৃদ্ধ বক্তৃতা প্ৰদান কৰি এক ইতিহাস ৰচনা কৰা শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামী শনিবাৰে মাজুলীত উপস্থিত হয় ।

কমলাবাৰী ফেৰীঘাটত সত্ৰাধিকাৰগৰাকী উপস্থিত হোৱাৰ লগে লগে মাজুলীৰ বিধায়ক, মাজুলীৰ ভিন্ন দল-সংগঠন, মাজুলীৰ বিভিন্ন স্তৰৰ ৰাইজে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক উষ্ম আদৰণি জনায় । সত্ৰৰ মূল বাটচ'ৰাত ভকত-বৈষ্ণৱসকলে গায়ন-বায়নেৰে তেওঁক উষ্ম আদৰণি জনায় ।

মাজুলীত উপস্থিত হৈ সত্ৰাধিকাৰগৰাকীয়ে মাজুলীৰ বিভিন্ন স্তৰৰ ৰাইজে তেখেতক দিয়া মৰমৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয়, "আমি লণ্ডন যাত্ৰা সম্পন্ন কৰি আহিলোঁ । ইয়াৰ আঁৰত আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ আৰু সন্তসকলৰ আশীৰ্বাদ । ৰাইজৰ আশীৰ্বাদৰ বাবে আমি এনে কাৰ্য কৰিবলৈ সক্ষম হৈছিলোঁ ।"

লগতে পঢ়ক :আত্মসন্মান অটুট ৰাখি ১ টকাতে মাছ ভাত; উপকৃত শতাধিক শ্ৰমজীৱী
লগতে পঢ়ক :সম্ভাৱ্য বানৰ সৈতে মুখামুখি হ'বলৈ কিদৰে সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান?