CBSE-ৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৯৯ শতাংশ নম্বৰেৰে জিলিকিল খোৱাঙৰ সমুদ্ৰ গগৈ - CBSE 10TH CLASS FINAL EXAM
🎬 Watch Now: Feature Video

Published : April 16, 2026 at 9:53 PM IST
মৰাণ: বিহু আনন্দ-উলাহৰ মাজতে ঘোষণা হ'ল CBSEৰ দশম শ্ৰেণী পৰীক্ষাত ফলাফল । এইবাৰ CBSEৰ দশম শ্ৰেণী পৰীক্ষাত ৯৯% নম্বৰ লাভ কৰি মৰাণৰ খোৱাঙলৈ গৌৰৱ কঢ়িয়াই আনিলে সমুদ্ৰ গগৈয়ে । খোৱাং বাঁহনি পথাৰৰ ৰিণ্টু গগৈ আৰু ডেইজী চেতিয়াৰ সুযোগ্য সন্তান সমুদ্ৰ গগৈ তিলৈৰ স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ । এই ফলাফলৰ পাছতে বিভিন্নজনে নিজৰ গৃহত সম্বৰ্ধনা জনাই উৎসাহিত কৰিছে সমুদ্ৰক । আনহাতে ডিব্ৰুগড়ৰ RK একাডেমীত ইতিমধ্যে বাচনি পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি অধ্যয়ন কৰাৰ সুবিধা লাভ কৰিছে তেওঁ ।
মেধাৱী ছাত্ৰ গৰাকীয়ে ইংৰাজী বিষয়ত ৯৮, অসমীয়াত ১০০, গণিতত ৯৮, বিজ্ঞানত ৯৬, সমাজ বিজ্ঞানত ১০০, ইনফৰ্মেচন টেকন'লজীত ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । এই সফলতাৰ পাছত ছাত্ৰ গৰাকীয়ে কয়, "কোনো নিৰ্দিষ্ট সময় বান্ধি মই পঢ়া নাছিলোঁ, কিন্তু দৈনিক পঢ়াৰ কাৰণে চেষ্টা কৰিছিলোঁ । পৰীক্ষাৰ সময়ত দৈনিক ৮ ঘন্টাকৈ পিছিলোঁ । দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা পাছত JEE পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ লক্ষ্যৰে পঢ়া-শুনা কৰিম । মোৰ এই সফলতাৰ বাবে পিতৃ-মাতৃ আৰু বিদ্যালয়ৰ ছাৰ-বাইদেউ সকলে যথেষ্ট সহায় কৰিছে । তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছো ৷’’
ছাত্ৰ গৰাকীৰ সফলতাত অতি আনন্দিত হৈ পৰিছে পিতৃ-মাতৃ । ছাত্ৰ গৰাকীৰ পিতৃয়ে সংবাদ মাধ্যমত কয়, "আমি এই ফলাফলত অত্যন্ত সুখী হৈছোঁ । আমি বিচৰা ধৰণেৰেই ফলাফল পাবলৈ সক্ষম হৈছে । পূৰ্বৰ সকলো পৰীক্ষাতে গণিত বিষয়ত ১০০ নম্বৰ পাইছিল, কিন্তু এইবাৰ নাপালে ৷ সেইটো অকণমান বেয়া লাগিছে । অসমীয়াত ১০০ নম্বৰ পাইছে সেইটো আমাৰ ভাল লাগিছে । অসমীয়া যিহেতু আমাৰ মাতৃভাষা সেয়ে ঘৰত অলপ বেছি গুৰুত্ব দিছিলোঁ । এই ফলাফলে আমাক আনন্দিত কৰিছে ৷’’
লগতে পঢ়ক: