চাৰি ঠেং, নেজ কটা অৱস্থাত ঢেকীয়াপতীয়াৰ মৃতদেহ উদ্ধাৰ - ROYAL BENGAL TIGER

🎬 Watch Now: Feature Video

thumbnail
চাৰি ঠেং, নেজ কটা অৱস্থাত ঢেকীয়াপতীয়াৰ মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 11, 2026 at 9:00 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: শোণিতপুৰ জিলাৰ ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত কোচগাঁও অঞ্চলত বৃহস্পতিবাৰে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । গাভৰু নদীৰ বালিচৰত চাৰিখন ঠেং আৰু নেজ কটা অৱস্থাত এটা ঢেকীয়াপতীয়াৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।

শোণিতপুৰ পশ্চিম বন সংমণ্ডলৰ বন প্ৰাধিকাৰী বিশ্বজ্যোতি দাসে জনায় যে স্থানীয় লোকসকলে পুৱাৰ ভাগত মৃত বাঘটোক প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়াৰ পিছতে ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষীৰ দল উপস্থিত হয় । প্ৰাথমিক অনুসন্ধানত বন বিভাগে সন্দেহ প্ৰকাশ কৰিছে যে বাঘটোৰ কেইদিনমান পূৰ্বে মৃত্যু হোৱাৰ পিছত গাভৰু নদীৰ সোঁতত উটি আহিছিল ।  

উদ্ধাৰ হোৱা বাঘটোৰ মৃতদেহটো প্ৰায় ৫ ফুট দীঘল । ইফালে কোনো দুষ্কৃতিকাৰীয়ে বাঘটোক হত্যা কৰি ইয়াৰ নেজ আৰু ঠেং চাৰিখন কাটি নিয়াৰ পিছত মৃতদেহ নদীত উটুৱাই দিয়াৰ সম্ভাৱনাও উলাই কৰিব পৰা হোৱা নাই । ঘটনাটোৱে অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

ঘটনাস্থলীত পশ্চিম বন সংমণ্ডলৰ বন প্ৰাধিকাৰী, তেজপুৰ সদৰ আঞ্চলিক বন বিষয়াৰ লগতে আৰক্ষী আৰু বন বিভাগৰ অন্যান্য বিষয়া-কৰ্মচাৰী উপস্থিত হৈ বন্যপ্ৰাণী বিভাগৰ বিশেষজ্ঞ দল আৰু পশু চিকিৎসকৰ দলৰ উপস্থিতিত বাঘটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় । লগতে ফৰেনছিক পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰে ।

মৰণোত্তৰ পৰীক্ষাৰ অন্তত বন বিভাগে গাভৰু নদীৰ পাৰত বাঘটোৰ শেষকৃত্য সম্পন্ন কৰে । ঘটনাটোৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে বন বিভাগে তদন্ত আৰম্ভ কৰিছে । বন্যপ্ৰাণী হত্যাৰ সৈতে কোনো চোৰাং চিকাৰী বা অসাধু চক্ৰ জড়িত আছে নেকি সেই বিষয়েও তদন্ত চলি আছে ।  

লগতে পঢ়ক :কলিয়াবৰত বনৰজাৰ আতংক, কেইটামান স্থানলৈ ৰাইজক নাযাবলৈ আহ্বান প্ৰশাসনৰ - ROYAL BENGAL TIGER
লগতে পঢ়ক :সত্ৰপীঠ মাজুলীত বিয়পিছে বিষাক্ত অপতৃণ পাৰ্থেনিয়াম

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details