কলিয়াবৰত বনৰজাৰ আতংক, কেইটামান স্থানলৈ ৰাইজক নাযাবলৈ আহ্বান প্ৰশাসনৰ - শিলঘাট
🎬 Watch Now: Feature Video

Published : June 11, 2026 at 12:32 PM IST
কলিয়াবৰ: পুনৰ কলিয়াবৰ চাহ বাগিচা, কামাখ্যা গাঁও, সোণাৰি গাঁৱত ঢেকীয়াপতীয়া বাঘৰ বিচৰণ । বুধবাৰে পুৱাৰ ভাগত কলিয়াবৰ চাহ বাগিচাত চৰি থকা এজনী গাভিনী গাই দুটাকৈ ঢেকীয়াপতীয়া বাঘে আক্ৰমণ কৰাৰ ফলত গাইজনীৰ মৃত্যু হয় । ঢেকীয়াপতীয়া বাঘে বিচৰণ কৰি থকা স্থানত শিলঘাট খণ্ড বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মীৰ উপস্থিতিতে গাইজনীক দুটাকৈ ঢেকীয়াপতীয়া বাঘে আক্ৰমণ কৰে । বাঘৰ বিচৰণৰ বাতৰি পাই ঘটনাস্থলীত উপস্থিত হয় নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মা । তেওঁ ঘটনাস্থলী পৰিদৰ্শন কৰি বন বিষয়া, স্থানীয় লোকসকলৰ সৈতে ঘটনাটোৰ বিষয়ে বুজ লয় ।
বাঘৰ বিচৰণ সন্দৰ্ভত আয়ুক্তগৰাকীয়ে কয়, ‘‘কামাখ্যা মন্দিৰৰ নামনিত নগা পথাৰ নামৰ ঠাইখনত এজনী গাভিনী গৰু ঢেকীয়াপতীয়া বাঘে নিধন কৰিছে । প্ৰত্যক্ষদৰ্শীয়ে দুটা বাঘ আছিল বুলি কৈছে । আমি মাৰি থোৱা গাইজনী ইয়াৰ পৰা প্ৰত্যক্ষ কৰিছোঁ । সেই সময়ত আমাৰ খণ্ড বন বিষয়া আছিল, আমাৰ চাহ বাগিচাৰ কৰ্মীসকল আছিল । তেওঁলোকে হৈ-হাল্লা কৰাত বাঘে গাইজনী তাতে এৰি থৈ গুচি গ'ল । এতিয়া ৰাইজ আতংকিত হোৱাৰ প্ৰয়োজন নাই । যিখিনি ঠাইত ঘটনাটো ঘটিছে, সেই ঠাইলৈ ৰাইজ আহিব নালাগে । তেওঁলোকক সুৰক্ষিত কৰি ৰাখিবলৈ বন বিভাগে দায়িত্ব লৈছে । ৰাইজৰ সুৰক্ষাৰ বাবে কামাখ্যা গাঁৱৰ পৰা কামাখ্যা মন্দিৰলৈকে কলিয়াবৰ চাহ বাগিচাৰে মাজৰ এই পথছোৱাত ভাৰতীয় নাগৰিক সংহিতাৰ ১৬৩ ধাৰ বলবৎ কৰা হ'ব ।’’
এই সন্দৰ্ভত শিলঘাট খণ্ড বিষয়াৰ কাৰ্যালয়ৰ খণ্ড বন বিষয়াগৰাকীয়ে কয়, ‘‘আমি ঘটনাস্থলীলৈ টহল দিবলৈ আহি থকাৰ সময়তে গাইজনী আক্ৰমণ কৰি নিহত কৰে । আমাৰ বনকৰ্মী এগৰাকীৰ চকুৰ সমুখতে ঘটনাটো হয় । কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ এই ঠাইখিনি নগা পথাৰ । বাঘ দুটাই গাইজনী নিধন কৰি সংৰক্ষিত বনাঞ্চলৰ ভিতৰত সোমাই আছে । এই স্থানত ঢেকীয়াপতীয়া বাঘে গৰু-ছাগলী প্ৰায়ে নিধন কৰে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ওচৰতে থকাৰ বাবে তাৰ পৰা বিচৰণৰ বাবে ঢেকীয়াপতীয়া বাঘ ওলাই আহে ।’’
লগতে পঢ়ক: হত্যা নে আত্মহত্যা ? গুৱাহাটীৰ ভাৰাঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ, প্ৰেমিকক আটক