বাক্সাত বড়োসকলৰ পৰম্পৰাগত ৰংজুলি বৈশাগু পালন - RONGJALI BWISAGU

🎬 Watch Now: Feature Video

thumbnail
বাক্সাত বড়োসকলৰ পৰম্পৰাগত ৰংজুলি বৈশাগু পালন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 20, 2026 at 2:30 PM IST

1 Min Read
Choose ETV Bharat

বাক্সা : নতুন বছৰক আদৰণি জনাই ব‘হাগ মাহৰ প্ৰথম সপ্তাহত অসমত বাস কৰা বিভিন্ন জনগোষ্ঠীসমূহে নিজৰ পৰম্পৰা অনুসৰি বিহু উদযাপন কৰে ৷ অসমত বসবাস কৰা বড়োসকলে পৰম্পৰাগত ৰংজালি বৈশাগু পালন কৰিছে ৷ নিজৰ পৰম্পৰাগত কৃষ্টি-সংস্কৃতি, সাজপাৰ পৰিধান কৰি ওলাই আহে বিহু (বৈশাগু) পালন কৰিবলৈ ৷

পৰম্পৰাগত সাজপাৰ পৰিধান কৰি গাঁৱৰ পুৰুষ-মহিলা, ডেকা-গাভৰুসকলে ঘৰে ঘৰে নাচি বাগি ৰং-ৰহইচ কৰে ৷ পৰিয়ালে যি দিয়ে তাতে সন্তুষ্ট হৈ গৃহস্থক বছৰটোৰ বাবে কুশল মংগল কামনা কৰি আশীৰ্বাদ দিয়ে ৷ যিহেতু এই বিহু কৃষিৰ লগত জড়িত সেয়েহে এপ্ৰিল মাহৰ শেষত সকলোৱে কৃষিৰ লগত জড়িত হৈ পৰে ৷ 

উল্লেখ্য যে, ৰংজালি বৈশাগু অসমৰ অন্যতম প্ৰাচীন আৰু গুৰুত্বপূৰ্ণ কৃষিকেন্দ্ৰিক বসন্তকালীন উৎসৱ। 'বৈশাগু' শব্দটো বড়ো ভাষাৰ 'বৈচা' (বছৰ) আৰু 'আগু' (শুৰু)ৰ পৰা আহিছে, যাৰ অৰ্থ নতুন বছৰৰ সূচনা । চ’ত মাহৰ শেষৰ দিনাৰ পৰা ব'হাগ মাহৰ ষষ্ঠদিনালৈকে বড়োসকলে অতি উলহ-মালহেৰে পৰম্পৰাগত ৰংজালি বৈশাগু পালন কৰে ।

লগতে পঢ়ক : চিফুং, খাম, ছেৰজা, জোথাৰৰ মাতে ৰজনজনাইছে জোনাইৰ বিভিন্ন গাঁও

ABOUT THE AUTHOR

...view details