ব’হাগৰ বতৰত কৃষকে কিয় মহাদেৱক আৰাধনা কৰে, জানেনে ? - RONGALI BIHU 2026
🎬 Watch Now: Feature Video

Published : April 20, 2026 at 1:17 PM IST
জোনাই : বিহু অসমীয়া প্ৰাণ, বিহু অসমীয়া মান ৷ কৃষিৰ সৈতে নিবিড় সম্পৰ্ক থকা ব'হাগতে প্ৰাণৱন্ত হৈ উঠে প্ৰকৃতি । ব’হাগত মতলীয়া হৈ আছে ৰাজ্যৰ প্ৰতিগৰাকী চহা অসমীয়া ।
লোকবিশ্বাস আৰু পৰম্পৰা ৰক্ষা কৰি গ্ৰামাঞ্চলৰ কৃষকসকলেও পালন কৰিছে হেঁপাহৰ বিহুটি ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে বিহু বুলি ধেমাজি জিলাৰ চিলাপথাৰ শ্ৰীপাণি ৰূপহী পথাৰত বিহুনাচি আনন্দত মতলীয়া হৈ পৰে চহা কৃষকসকল ৷
কৃষকলসকলে প্ৰথমে পথাৰতে নাঙল, যুঁৱলি, মৈ, জাপি লৈ সেৱা জনায় । লোকবিশ্বাস অনুসৰি, পূৰ্বতে এই সময়খিনিতে মহাদেৱ শিৱই হাল জুৰিছিল ৷ সেয়ে চহা কৃষকসকলেও বিহুৰ এই সময়খিনিতে মহাদেৱ শিৱক আৰাধনা কৰি পথাৰত হাল চলায় ৷ খেতিয়কসকলে বছৰটোৰ খেতি-বাতি ভাল হোৱাৰ কামনাৰে চাকি-ধূপ জ্বলাই মহাদেৱক সেৱা কৰে । এয়াই চহা অসমীয়াৰ অবিচ্ছেদ্য অংগ ৷