কলং নৈৰ পাৰ জীপাল হ’ল মুকলি বিহুৰে - ডিমৰীয়া

🎬 Watch Now: Feature Video

thumbnail
কলং নৈৰ পাৰ জীপাল হ’ল মুকলি বিহুৰে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 20, 2026 at 1:38 PM IST

1 Min Read
Choose ETV Bharat

সোণাপুৰ : কলং নৈৰ পাৰৰ গছৰ তলত জীপাল হ’ল মধ্য মালয়বাৰী মুকলি বিহু । প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ডিমৰীয়াৰ মধ্য মালয়বাৰী ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত দেওবাৰে উলহ-মালহেৰে উদযাপন কৰা হয় পৰম্পৰাগত গছৰ তলৰ মুকলি বিহু ।  

অসমীয়াৰ বাপতি সাহোন বিহুৰ এই বৰ্ণাঢ্য অনুষ্ঠানটোৱে সমগ্ৰ অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে । পৰম্পৰা অনুসৰি কলং নৈৰ পাৰত থকা এক বিশাল আঁহত গছৰ তলত বিহুৰ বাকৰি সজাই ঢোলৰ গুমগুমণি আৰু পেঁপাৰ মাতত মুখৰিত হৈ পৰে মালয়বাৰী অঞ্চল ।  

বিহুৰ মূল অনুষ্ঠানৰ বিহু বাকৰি উদ্বোধন কৰে এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী ডঃ তপন দাসে । উদ্বোধনী ভাষণত তপন দাসে কয়, "এনেধৰণৰ পৰম্পৰাগত মুকলি বিহুৱে আমাৰ সমাজখনক একতাৰ ডোলেৰে বান্ধি ৰাখে । কলং নৈৰ পাৰৰ এই সুন্দৰ পৰিৱেশত বিহু উদযাপন কৰাটো এক আশাব্যঞ্জক পদক্ষেপ ।" অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰেণ ৰাজবংশীয়ে । বিহুতলীত কেইবাটাও আমন্ত্ৰিত বিহু দল আৰু বাৰেৰহণীয়া সাংস্কৃতিক দলে নিজৰ অনুষ্ঠান প্ৰদৰ্শন কৰে । 

লগতে পঢ়ক:প্ৰাণৰ শিল্পীলৈ বিশেষ শ্ৰদ্ধাঞ্জলি দৃষ্টিহীন বিহু হুঁচৰি দলৰ

এনাজৰীৰে বান্ধ খোৱা চেনেহী বিহুক কিয় কয় 'জীয়ৰী বিহু' বুলি ?

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details