উখল-মাখল পৰিৱেশেৰে আৰম্ভ ৬৪ সংখ্যক মৰিগাঁও সদৰ ৰঙালী বিহু সন্মিলন - RONGALI BIHU 2026
🎬 Watch Now: Feature Video

Published : April 22, 2026 at 2:19 PM IST
মৰিগাঁও: বুধবাৰৰ পৰা আৰম্ভ হৈছে ৬৪ সংখ্যক মৰিগাঁও সদৰ ৰঙালী বিহু সন্মিলন । দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই বিহু সন্মিলন । প্ৰথম দিনা স্মৃতি তৰ্পণ আৰু বিহু পতাকা উত্তোলনৰে শুভাৰম্ভ কৰা হয় অনুষ্ঠানৰ । ৬৪ সংখ্যক মৰিগাঁও সদৰ ৰঙালী বিহু সন্মিলনত জিলাখনত দেখা গৈছে ব্যাপক উৎসাহ-উদ্দীপনা ।
দুদিনীয়া এই বিহু সন্মিলনীৰ প্ৰথম দিনা পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰথমে স্মৃতি তৰ্পণ অনুষ্ঠানৰ পিছতে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰে । তাৰ পিছতে জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা কৰে । বিহুগীত জুৰি সকলোৱে বিহু নাচি আনন্দত আত্মহাৰা হৈ পৰা পৰিলক্ষিত হয় ।
বিয়লি আৰম্ভ হ'ব অসমৰ বিভিন্ন প্ৰান্তত খলকনি সৃষ্টি কৰা কেইবাটাও বিহু দলৰ মুকলি বিহু প্ৰদৰ্শন । বৃহস্পতিবাৰে পুৱা ৫ বজাত মাৰাথন দৌৰ আৰু ১০ বজাৰ পৰা আৰম্ভ হ'ব চিত্ৰাংকন প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা । উল্লেখযোগ্য যে, জুবিন গাৰ্গবিহীন এইবাৰ প্ৰথমটো বিহু সন্মিলনীৰ দ্বিতীয় দিনা সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি দাস ।