দূৰ হ’ল বৰপেটাবাসীৰ অভাৱ: ‘ককাদেউতা নাতি আৰু হাতী ২’ চিনেমাৰে মুকলি হ’ল ‘ইউ কে চিনেমাছ’ - U K CINEMAS BARPETA

🎬 Watch Now: Feature Video

thumbnail
দূৰ হ’ল বৰপেটাবাসীৰ অভাৱ (ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : July 4, 2026 at 6:30 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটা : শনিবাৰে সত্ৰনগৰী বৰপেটাত নতুনকৈ এটা ছবিগৃহ মুকলি কৰা হয় ৷ বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে ইউ কে চিনেমাছ নামৰ নতুন ছবিগৃহটো আনুষ্ঠানিকভাৱে মুকলি কৰে ৷ ছবিগৃহ মুকলি অনুষ্ঠানত বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাস, বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড৹ বাবুল চন্দ্ৰ দাস মহন্তৰ লগতে পাটবাউসী সত্ৰ আৰু সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, কৰ্ণেল ৰাণাপ্ৰতাপ কলিতাকে ধৰি কেবাগৰাকীও বিশিষ্ট লোক উপস্থিতি থাকে ৷

উদ্ধৱ তালুকদাৰ নামৰ এগৰাকী উদ্যমী যুৱকৰ প্ৰচেষ্টাত নিৰ্মাণ কৰা ইউকে চিনেমাছ নামৰ নতুন ছবিগৃহটো মুকলি কৰি ৰণজিৎ কুমাৰ দাসে কয় যে, এই ছবিগৃহটো মুকলিৰ ফলত বৰপেটাবাসীৰ ছবিঘৰৰ ডাঙৰ অভাৱ এটা দূৰ হ'ল ৷ ছবিগৃহৰ দ্বাৰ মুকলিৰ পিছতে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াই ইউ কে চিনেমাছ নামৰ ছবিগৃহটোৰ ৰূপালী পৰ্দা মুকলি কৰে ৷

ইফালে ককাদেউতা নাতি আৰু হাতী ২ নামৰ ছবিখন সপত্নীক উপভোগ কৰে অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে ৷ ৰণজিৎ কুমাৰ দাসে ছবিখন উপভোগ্য হোৱা বুলিও প্ৰকাশ কৰে ৷ ইপিনে ছবিগৃহটোৰ স্বত্বাধিকী উদ্ধৱ তালুকদাৰ আৰু ভাতৃয়ে সংবাদ মাধ্যমৰ জৰিয়তে বৰপেটাবাসীক ছবিগৃহটো আদৰি ল'বলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : ৰূপেশ গোৱালাৰ বিধায়ক পুঁজিৰে নিৰ্মাণ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি

ABOUT THE AUTHOR

With a dedicated team of entertainment reporters in all the state capitals, ETV Bharat brings out the latest trends from fashion and entertainment. ETV Bharat also has a team of specialised experts who exclusively write for the portal. It brings you stories from the silver screen to the mobile screen. It will be your last stop for all your entertainment stories....view details