সন্দেহযুক্ত লোকক এমাহৰ ভিতৰত বৰভাগ এৰাৰ সকীয়নি ৰাইজৰ - সন্দেহযুক্ত মিঞা
🎬 Watch Now: Feature Video

Published : June 28, 2026 at 6:34 PM IST
নলবাৰী: নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভাগৰ বৰগাছাত খিলঞ্জীয়া যুৱতীক বিয়া পাতি সন্দেহযুক্ত মিঞাই ঘৰ সজাক কেন্দ্ৰকৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । স্থানীয় ৰাইজে এই পৰিয়ালটোক ঘৰ ভাঙি আঁতৰি যাবলৈ বান্ধি দিলে এমাহ সময় । অন্যথা প্ৰশাসনৰ সহযোগত তথা প্ৰয়োজনত মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈ উচ্ছেদৰ বাবে দাবী জনাব গাঁৱৰ লোকে ।
উত্থাপিত অভিযোগ মতে, মৰিগাঁৱৰ পৰা আহি এটা পৰিয়ালে নলবাৰীত স্থায়ীভাৱে বসতি স্থাপন কৰিবলৈ চেষ্টা চলাইছে । বৰভাগৰ বৰগাছা গাঁৱত স্থায়ী বসতি স্থাপন কৰিব বিচৰা সন্দেহযুক্ত লোকক এমাহৰ ভিতৰত এই স্থান ত্যাগ কৰিবলৈ স্থানীয় লোকে বান্ধি দিছে সময়সীমা ।
দেওবাৰে ৰাইজে আৱদ্ধ কৰিলে সন্দেহযুক্ত পৰিয়ালটোক । ক'ত ঘৰ, কিয় আহিছে, মৰিগাঁৱৰ পৰা নলবাৰীলৈ কিয় আহিছে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰে । উল্লেখ্য় যে একাংশ সন্দেহজনক লোকে বৰভাগত খিলঞ্জীয়া যুৱতীক বিয়া কৰাই বসতি স্থাপনৰ চেষ্টা চলোৱাত হতবাক হৈ পৰিছে স্থানীয় লোকসকল ।
লগতে পঢ়ক:সোণাপুৰত আৰক্ষীৰ বৃহৎ সফলতা : ডিগাৰুত ১৯৮ বটল নিষিদ্ধ ক’ডিন ছিৰাপসহ আটক ৬ সৰবৰাহকাৰী
সন্দেহযুক্ত বিদেশীৰ সবিশেষ ৰাজহুৱা কৰক : নিৰ্বাচনী পঞ্জীয়ন বিষয়ালৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশ