দলং নিৰ্মাণত নিম্নমানৰ কাম কৰা ঠিকাদাৰ-লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ - DHEMAJI PROTEST

🎬 Watch Now: Feature Video

thumbnail
ঠিকাদাৰ-লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে ধেমাজিত প্ৰতিবাদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 22, 2026 at 7:34 PM IST

2 Min Read
Choose ETV Bharat

ধেমাজি : ধেমাজিৰ নিলখৰ পৰা বালিজান সংযোগী গাই নৈৰ দলঙৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান শিৱম কনষ্ট্ৰাকচন কোম্পানীক ব্লেক লিষ্টেড কৰাৰ দাবীত ধেমাজিৰ সংহত আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ পৰিষদ-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ বিহুৰ দিনাই ভাঙি গাই নৈৰ ওপৰত নিৰ্মীয়মাণ দলঙৰ গাৰ্ডাৰ ভাঙি পৰা ঘটনাৰ উচিত তদন্ত বিচাৰি এই প্ৰতিবাদ ৷  

উল্লেখ্য যে পূৰ্বেও ভাঙি পৰিছিল নিৰ্মীয়মাণ দলঙখনৰ গাৰ্ডাৰ ৷ শিৱম কোম্পানীৰ এনে নিম্নমানৰ কামৰ বিৰুদ্ধে স্থানীয় ৰাইজ, দল-সংগঠনে বাৰম্বাৰ আবেদন জনোৱাৰ পিছতো ৰহস্যজনকভাৱে নীৰৱ ধেমাজিৰ লোকনিৰ্মাণ বিভাগ আৰু ধেমাজি জিলা প্ৰশাসন ৷  

এইক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিৰ সভাপতি ভৱেন হালৈ আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সমিতিৰ সভাপতি সঞ্জীৱ চুতীয়াই কয়, “আচলতে লোক নিৰ্মাণ বিভাগে গাই নদীৰ ওপৰত যিখন দলং নিৰ্মাণ কৰিছে এশ শতাংশ আসোঁৱাহপূৰ্ণ । তাৰ প্ৰযুক্তিগত কৌশলবোৰ আওপুৰণি ৷ তাত যিমান দক্ষ শ্ৰমিক নিয়োগ কৰিব লাগে তাত দক্ষ শ্ৰমিকৰ অভাৱ হৈছে । যিবিলাক মেটেৰিয়েলছ ব্যৱহাৰ কৰা হৈছে সেইবিলাকো নিম্নমানৰ হৈছে ৷“

লগতে কয়, “পোনপ্ৰথমে শিৱম কোম্পানীক ব্লেক লিষ্টেড কৰিব লাগে ৷ কাৰণ ধেমাজিৰ জনসাধাৰণক লৈ হেতালি খেলিবলৈ দিয়া ন’হব ৷ এই খেল সম্পূৰ্ণ বন্ধ হ’ব লাগিব ৷“

বুধবাৰে ধেমাজি জিলা সংহত আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত নিৰ্মাণকাৰী প্ৰতিষ্ঠান শিৱম কোম্পানীৰ জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে দুই প্ৰতিবাদী সংগঠনৰ বহুসংখ্যক কৰ্মীয়ে ৷  

লগতে পঢ়ক :জীৱন নাটৰ যৱনিকা পেলালে বিশিষ্ট সম্পাদক-সাহিত্যিক নিত্য বৰাই

ABOUT THE AUTHOR

...view details