দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস: ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত আয়োজিত অনুষ্ঠানত উপস্থিত ৰাষ্ট্ৰপতি মুৰ্মু
🎬 Watch Now: Feature Video

Published : August 7, 2026 at 11:27 AM IST
|Updated : August 7, 2026 at 12:23 PM IST
প্ৰতিবছৰে ৭ আগষ্টৰ দিনটো সমগ্ৰ ভাৰততে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হিচাপে পালন কৰা হয় ৷ দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে শুকুৰবাৰে নতুন দিল্লীস্থিত ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু উপস্থিত থাকে ৷ এই অনুষ্ঠানতে তেওঁ ভাৰতৰ চহকী হস্ততাঁত ঐতিহ্যক সন্মান জনোৱাৰ লগতে দেশৰ বয়ন সমাজৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক অৱদানক স্বীকৃতি প্ৰদান কৰে । উল্লেখ্য যে, হস্ততাঁত শিল্প ভাৰতৰ এক প্ৰাচীন শিল্পকলা । দেশৰ সাংস্কৃতিক ঐতিহ্য আৰু জাতীয় জীৱনৰ ই এক অবিচ্ছেদ্য অংগ । সুন্দৰ বয়ন, বিভিন্ন ৰঙৰ সূতাৰ সমাহাৰেৰে প্ৰস্তুত কৰা আটকধুনীয়া চানেকি, সুদীৰ্ঘ দিন ব্যৱহাৰ কৰিব পৰা গুণ আদিৰ বাবে হস্ততাঁত বস্ত্ৰই অতীজৰে পৰা বিশেষ প্ৰাধান্য লাভ কৰি আহিছে । সভ্যতা আৰু সংস্কৃতিৰ লগতো এই তাঁতশিল্প নিবিড়ভাৱে সংপৃক্ত হৈ আছে । ভাৰতৰ আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত হস্ততাঁত শিল্পৰ ভূমিকা অনস্বীকাৰ্য । তাঁতশিল্পই আগবঢ়োৱা অৰিহণাৰ মূলতে হ'ল নিপুণ শিপিনীসকল । তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবেই আজি ভাৰতে বিশ্ব বজাৰত হস্ততাঁত সামগ্ৰীৰ এখন একচেটিয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ।