মুখ্যমন্ত্ৰীৰ মংগল কামনা কৰি পুৰণিগুদাম জামে মছজিদত প্ৰাৰ্থনা - HIMANTA BISWA SARMA

🎬 Watch Now: Feature Video

thumbnail
মুখ্যমন্ত্ৰীৰ মংগল কামনা কৰি পুৰণিগুদাম জামে মছজিদত প্ৰাৰ্থনা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 12, 2026 at 2:10 PM IST

1 Min Read
Choose ETV Bharat

নগাঁও: একেৰাহে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীৰ সৈতে আন চাৰিগাৰকী বিধায়কে মন্ত্ৰী হিচাপে মঙলবাৰে শপতগ্ৰহণ কৰাৰ পূৰ্বে নগাঁৱৰ চামগুৰিৰ পুৰণিগুদামত মুখ্যমন্ত্ৰীৰ সুস্বাস্থ্য় কামনা কৰি ইছলাম ধৰ্মীয় ৰাইজে আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনালে ।

২০০ বছৰীয়া‌ ঐতিহাসিক পুৰণিগুদাম জামে মছজিদৰ ভিতৰত চৰকাৰৰ মংগল কামনা কৰি ভক্তসমাজে সমূহীয়াকৈ আল্লাহৰ ওচৰত কৰিলে দোৱা, প্ৰাৰ্থনা । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সু-স্বাস্থ্য কামনা কৰাৰ লগতে আগন্তুক দিনত তৃতীয়বাৰৰ বাবে গঠন হোৱা এনডিএ চৰকাৰখনে অসমৰ সকলো ধৰ্মৰ, জাতি-জনগোষ্ঠীৰ ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত যাতে আগবাঢ়ি যাব পাৰে তাৰবাবেই আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে পুৰণিগুদাম ন-আলি মূৰৰ আঞ্জুমান ইছলামীয়াৰ লোকসকলে ।

এই প্ৰসংগত এগৰাকী স্থানীয় ব্য়ক্তিয়ে কয়,"মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক জিতু গোস্বামীৰ নেতৃত্বত পুৰণিগুদামত যিমান উন্নয়ন হৈছে সেয়া কংগ্ৰেছৰ দিনত হোৱা নাছিল । হিমন্ত বিশ্ব শৰ্মাই দিনে-নিশাই ৰাইজৰ উন্নয়নৰ বাবে কাম কৰি আছে । তেওঁৰ সু-স্বাস্থ্য়ৰ বাবে আজি আমি আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছো ।"

লগতে পঢ়ক:দ্বিতীয়বাৰৰ বাবে মুখ্য়মন্ত্ৰী হৈ এইবাৰ হিমন্ত বিশ্ব শৰ্মাই কি কি কৰিব?

কথা মতেই কাম, কমাৰগাঁৱৰ তানিষ্ঠাক শপতগ্ৰহণ অনুষ্ঠানলৈ মাতিলে হিমন্ত বিশ্ব শৰ্মাই

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details