জোনাই থানাত সোমাইছে ইখনৰ পিছত সিখন ট্ৰেক্টৰ, কিন্তু কিয় ? - ROAD SAFETY

🎬 Watch Now: Feature Video

thumbnail
জোনাই আৰক্ষীয়ে জব্দ কৰিছে ট্ৰেক্টৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : June 7, 2026 at 7:50 PM IST

1 Min Read
Choose ETV Bharat

জোনাই : মাটি বা অন্যান্য সামগ্ৰী নিবলৈ সচৰাচৰ ট্ৰেক্টৰৰ পিছফালে এখন ট্ৰেইলাৰ সংলগ্ন কৰা হয় । গ্ৰামাঞ্চলত বিশেষকৈ এই ট্ৰেইলাৰ সংলগ্ন ট্ৰেক্টৰৰ দৌৰাত্ম্যৰ বাবে বিভিন্ন সময়ত দুৰ্ঘটনাও সংঘটিত হোৱা দেখা যায় । কিয়নো বহু ট্ৰেক্টৰৰ ট্ৰেইলাৰবোৰত পিছফালে কোনো লাইট নাথাকে বা ৰিফ্লেক্টিভ টেপ লগোৱা নাথাকে । তেনেস্থলত নিশা অতি ভয়ংকৰ হৈ পৰে এই ট্ৰেক্টৰবোৰ । দুৰ্ঘটনা ৰোধ আৰু আন যাত্ৰীৰ সুৰক্ষাৰ বাবে সেয়েহে এনে ট্ৰেক্টৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে জোনাই আৰক্ষীয়ে । জোনাই সমজিলাৰ আৰক্ষী অধীক্ষক ভীম কান্ত পেগুৰ নেতৃত্বত জোনাইত প্ৰায় ৫ খন ট্ৰেক্টৰ জব্দ কৰা হয় । ট্ৰেক্টৰবোৰ থানালৈ অনা হয় আৰু ৰঙা আৰু হালধীয়া ৰিফ্লেক্টিভ টেপ লগাই মুকলি কৰি দিয়া হয় । লগতে ট্ৰেক্টৰ চালক আৰু মালিকসকলক এই নিয়ম কঠোৰভাৱে পালন কৰিবলৈ সকীয়নিও প্ৰদান কৰা হয় ।

জব্দ হোৱা এখন ট্ৰেক্টৰৰ চালকে কয়, "আমি ৰিফ্লেক্টিভ টেপ লগোৱা নাছিলোঁ । এতিয়া এই টেপ লগাই যাব দিছে । পুৰণি হ'লে আকৌ লগাই ল'ব দিছে । যিসকলে লগোৱা নাই তেওঁলোককো লগাবলৈ আহ্বান জনাইছোঁ ।"

লগতে পঢ়ক :

পেলনীয়া প্লাষ্টিকেৰে প্ৰস্তুত কৰিব পথ নিৰ্মাণত ব্যৱহাৰ কৰা সামগ্ৰী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details