ভাৰত-বাংলাদেশ সীমান্তত বৃহৎ পৰিমাণ গাঞ্জা খেতি উৎখাত আৰক্ষীৰ - সুখচৰ আৰক্ষী

🎬 Watch Now: Feature Video

thumbnail
ভাৰত-বাংলাদেশ সীমান্তত বৃহৎ পৰিমাণ গাঞ্জা খেতি উৎখাত আৰক্ষীৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : June 5, 2026 at 8:09 PM IST

1 Min Read
Choose ETV Bharat

দক্ষিণ শালমাৰা মানকাচৰ: ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ হৈছে দক্ষিণ শালমাৰা মানকাচৰ আৰক্ষী । সুখচৰ থানাৰ আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে । গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ভাৰত-বাংলাদেশ সীমান্তৰ দেৱানেৰ আলগা চৰৰ পৰা প্ৰায় ২৯ কিলোগ্ৰাম কেঁচা গাঞ্জা জব্দ কৰে । আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা খেতি নষ্ট কৰি দিয়ে । গাঞ্জা খেতি কৰাৰ অভিযোগত আৰক্ষীয়ে দুগৰাকী মহিলাকো আটক কৰে । তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে । ইফালে অঞ্চলটোত আৰক্ষী উপস্থিত হোৱাৰ উমান পাই একাংশ লোক পলায়ন কৰে যদিও আৰক্ষীয়ে মহিলা দুগৰাকীক আটক কৰিবলৈ সক্ষম হয় । বুধবাৰেও সুখচৰ আৰক্ষীয়ে বেপাৰীপাৰা গাঁৱত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰিছিল । এজন লোককো আটক কৰিছিল ।

লগতে পঢ়ক :

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে এক্সন মুডত অসম আৰক্ষী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details