আৰক্ষীৰ বৃহৎ সফলতা, লক্ষাধিক টকাৰ সামগ্ৰীসহ আৰক্ষীৰ জালত দুই কুখ্যাত চোৰ - TWO THIEVES ARRESTED
🎬 Watch Now: Feature Video

Published : May 15, 2026 at 7:40 PM IST
বৰপেটা: বৰপেটাৰোডত দিনক-দিনে বৃদ্ধি পোৱা চুৰিকাণ্ডৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান । উক্ত অভিযানত বৃহৎ সফলতা লাভ কৰে আৰক্ষীয়ে । চহৰখনৰ ইৰিগেশ্ব'ন কলনী অঞ্চলত চলা এই 'চোৰ চাফাই' অভিযানত আৰক্ষীয়ে দুটাকৈ কুখ্যাত চোৰক আটক কৰাৰ লগতে লক্ষাধিক টকাৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল জ্যোতি শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি এই অভিযান চলাইছিল । দীৰ্ঘদিন ধৰি অঞ্চলটোত উপদ্ৰৱ চলাই থকা এই চোৰৰ দলটোৱে ইৰিগেশ্ব'ন কলনীৰ বিভিন্ন বাসগৃহৰ পৰা মূল্যবান সামগ্ৰী লুট কৰি আহিছিল । আৰক্ষীৰ জালত পৰা ধৃত চোৰ দুটা ক্ৰমে নুৰুল হক আৰু আবেদ আলী বুলি চিনাক্ত কৰা হৈছে ।
অভিযানকাৰী দলে চোৰ দুজনৰ জিম্মাৰ পৰা দমকল, বিভিন্ন বৈদ্যুতিক সামগ্ৰীৰ লগতে বহু পৰিমাণৰ সোণ-ৰূপৰ আ-অলংকাৰ উদ্ধাৰ কৰে । আৰক্ষীৰ মতে, উদ্ধাৰ হোৱা এই সামগ্ৰীসমূহৰ বজাৰ মূল্য প্ৰায় এক লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে ।