সোণাপুৰৰ জুবিন ক্ষেত্ৰত অঞ্জলি মহন্তৰ ‘নিঃসংগতাৰ মৌন আলাপ’ উন্মোচন - ZUBEEN KHSETRA

🎬 Watch Now: Feature Video

thumbnail
সোণাপুৰৰ জুবিন ক্ষেত্ৰত কাব্যগ্ৰন্থ উন্মোচন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 17, 2026 at 9:48 AM IST

2 Min Read
Choose ETV Bharat

সোণাপুৰ: জুবিন ক্ষেত্ৰত গোঁসাই বিহুৰ দিনা এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উন্মোচন কৰা হয় লেখিকা অঞ্জলি মহন্তৰ কাব্যগ্ৰন্থ ‘নিঃসংগতাৰ মৌন আলাপ’ উন্মোচন কৰা হয় । গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট অতিথি ইন্দু সিঙে । গ্ৰন্থখনি উন্মোচন কৰি ইন্দু সিঙে তেওঁৰ ভাষণত কয় যে লেখিকা অঞ্জলি মহন্তই সুদীৰ্ঘ দিন ধৰি নীৰৱে সাহিত্য চৰ্চা কৰি আহিছে । আজি তেওঁৰ এই সাৰ্থক সৃষ্টি ‘নিঃসংগতাৰ মৌন আলাপ’ গ্ৰন্থ আকাৰে ৰাইজৰ হাতত অৰ্পণ কৰিবলৈ পাই তেওঁ অত্যন্ত আনন্দিত হৈছে ।

ইপিনে, গ্ৰন্থখনৰ জন্ম আৰু পটভূমি সম্পৰ্কে আৱেগিক হৈ লেখিকা অঞ্জলি মহন্তই কয় যে জীৱনৰ এক জটিল আৰু কুটিল সন্ধিক্ষণত মানসিকভাৱে ভাৰাক্ৰান্ত হৈ থকা সময়তে তেওঁৰ মনৰ ভাৱবোৰে শব্দৰ ৰূপ লৈছিল । সেই বিব্ৰত মুহূৰ্তবোৰেই লাহে লাহে কবিতালৈ ৰূপান্তৰিত হ’ল । তেওঁ কয়, “সময়ৰ আহ্বানত কৰা সেই লিখা-মেলাবোৰ আজি ‘নিঃসংগতাৰ মৌন আলাপ’ হিচাপে আত্মপ্ৰকাশ কৰিলে । জুবিন ক্ষেত্ৰই এই গ্ৰন্থখনৰ জন্মস্থল আৰু ইয়াতেই গ্ৰন্থখন উন্মোচন কৰিবলৈ পাই মই ধন্য হৈছোঁ ।”  

লেখিকাগৰাকীয়ে জুবিন গাৰ্গৰ প্ৰতি থকা শ্ৰদ্ধা জনাই তেওঁৰ ওপৰতো এটা কবিতা লিখাৰ কথা জানিবলৈ দিয়ে । গ্ৰন্থখনত বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ পৰা আৰম্ভ কৰি সমাজৰ পৰা হেৰাই যোৱা মহান ব্যক্তিসকলৰ জীৱনৰ ওপৰতো আলোকপাত কৰা হৈছে । সোণতৰা মহন্তই সভাপতিত্ব কৰা এই বিশেষ গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে উমাকান্ত মহন্ত আৰু উজ্জ্বল বেজবৰুৱা ।

লগতে পঢ়ক: সোণাপুৰৰ জুবিন সমাধিক্ষেত্ৰত ঢুলীয়া-বিহুৱতীয়ে দিলে বিহুৰ পৰশ, জুবিন গাৰ্গলৈ শ্ৰদ্ধা

‘এই চৰকাৰখনে জুবিনদাক কেৱল অৱহেলা কৰিছে’ : সোণাপুৰত অখিল গগৈৰ ক্ষোভ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details