গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ পৰা প্ৰধানমন্ত্রী মোদী LIVE - প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী
🎬 Watch Now: Feature Video

Published : March 13, 2026 at 5:11 PM IST
|Updated : March 13, 2026 at 7:00 PM IST
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ৰাজ্যৰ চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ দিয়াৰ বাবে অসম চৰকাৰে হাতত লোৱা পদক্ষেপৰ শুভাৰম্ভনি কৰে । দুশ বছৰৰ গৌৰৱময় ঐতিহ্যক সন্মান জনাই এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ সাজু অসমবাসী । শুকুৰবাৰৰ দিনটো ৰাজ্যৰ বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক দিন । স্বাধীনতাৰ সাত দশকৰো অধিক সময় ধৰি চলি অহা এক দুখভৰা বঞ্চনাৰ অৱসান ঘটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ ৩.৫ লাখৰো অধিক চাহ বাগিচাৰ পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদান কৰিব । এই পদক্ষেপে অসমৰ চাহ শ্ৰমিকৰ স্বাভিমান, সুৰক্ষা আৰু অধিকাৰক নতুন দিশ প্ৰদান কৰিব আৰু তেওঁলোকৰ জীৱনত আৰম্ভ হ’ব উন্নয়ন আৰু মৰ্যাদাৰ এক নতুন অধ্যায় । এই উপলক্ষে গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজন কৰা বিশেষ অনুষ্ঠানত উপস্থিত হৈছে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী । ৰাজ্যৰ চাহ বাগিচাৰ ৩.৫ লাখৰো অধিক পৰিয়ালক অসম চৰকাৰে প্ৰদান কৰিব ভূমিৰ পট্টা । শুকুৰবাৰে প্ৰধানমন্ত্রী মোদীয়ে ইয়াৰ শুভাৰম্ভ কৰিব। চাহ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদান কৰাৰ লগতে পি এম কিষাণ আঁচনি, ৰে’লৱে প্ৰকল্প, কপিলী জলবিদ্যুৎ প্ৰকল্প, কামাখ্যা ৰ’পৱে প্ৰকল্প আৰু আন বহু আন্তঃগাঁথনি উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্রীয়ে । ইফালে প্ৰতিকূল বতৰৰ বাবে প্ৰধানমন্ত্রীৰ কোকৰাঝাৰৰ কাৰ্যসূচী বাতিল কৰা হয় আৰু গুৱাহাটীৰ পৰাই প্ৰধানমন্ত্রীয়ে ভাৰ্চুৱেলী কোকৰাঝাৰৰ কাৰ্যসূচীত ভাগ লয় । তাৰ পাছতেই আহি উপস্থিত হয় গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত । জ্যোতি-বিষ্ণু কলা মন্দিৰৰ পৰা প্ৰধানমন্ত্রীৰ অনুষ্ঠানৰ পোনপটিয়া সম্প্ৰচাৰ ৷