সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল ৭৫ বছৰ : উৰিল ৭৫ খনকৈ পতাকা - PLATINUM JUBILEE
🎬 Watch Now: Feature Video

Published : May 15, 2026 at 5:50 PM IST
সোণাপুৰ: ১৯৫২ চনৰ ১৫ মে' তাৰিখে প্ৰতিষ্ঠা হোৱা বৃহত্তৰ সোণাপুৰ অঞ্চলৰ শিক্ষা আৰু সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৭৫ বছৰত ভৰি দিলে ৷ এই শিক্ষানুষ্ঠানৰখনৰ মহাৰজত জয়ন্তী বৰ্ষৰ (২০২৬-২৭) উপলক্ষে শুকুৰবাৰে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰা দেখা যায় ৷
পুৱাৰ ভাগত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে ভাৰপ্ৰাপ্ত শৈক্ষিক অধ্যক্ষ মৌচুমী চৌধুৰীয়ে আৰু উদযাপন সমিতিৰ মূল পতাকা উত্তোলন কৰে সমিতিৰ সভাপতি হেৰম্ব প্ৰসাদ শইকীয়াই । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়, য’ত স্থানীয় বিধায়ক ডঃ তপন দাসেও অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰতিও বিশেষ শ্ৰদ্ধা নিবেদন কৰা হয় ৷
স্থানীয় বিধায়ক ডঃ তপন দাসে কয়, ‘‘আজি এক শুভ ক্ষণ ৷ সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে এই বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী, বৰ্তমানৰ লগতে প্ৰাক্তন সকলো শিক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰিছো ৷’’