সংসদৰ শীতকালীন অধিৱেশনৰ চতুৰ্থ দিনৰ কাৰ্যসূচী - PARLIAMENT WINTER SESSION 2025

🎬 Watch Now: Feature Video

thumbnail
সংসদৰ শীতকালীন অধিৱেশনৰ চতুৰ্থ দিনৰ কাৰ্যসূচী (Sansad TV/ANI)

By ETV Bharat Assamese Team

Published : December 4, 2025 at 12:01 PM IST

|

Updated : December 4, 2025 at 6:20 PM IST

1 Min Read
Choose ETV Bharat

সংসদৰ শীতকালীন অধিবেশনৰ আজি চতুৰ্থ দিন ৷ পুৱা ১১ বজাৰ পৰা আৰম্ভ হয় দুয়োটা সদনৰ কাৰ্য্যবিধি । আজি সংসদত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে । বিগত দুদিন ধৰি বিৰোধীয়ে এছ আই আৰ আৰু বন্দে মাতৰমৰ দৰে বিষয়ত আলোচনাৰ দাবী জনাই আহিছে । বিৰোধীৰ প্ৰৱল দাবীত চৰকাৰে বিতৰ্কত সন্মতি প্ৰকাশ কৰিছে । সদনৰ অচলাৱস্থাৰ অন্ত পেলাবলৈ সহমতত উপনীত হৈছে শাসক-বিৰোধী । এছ আই আৰক লৈ শাসক-বিৰোধী দলৰ মাজত সৃষ্টি হোৱা অচলাৱস্থা দূৰ হৈছে । এএনআইৰ এক প্ৰতিবেদন অনুসৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে লোকসভাত বিবেচনা আৰু গৃহীত কৰাৰ বাবে স্বাস্থ্য সুৰক্ষা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপকৰ বিল, ২০২৫ উত্থাপন কৰাৰ সম্ভাৱনা আছে । বিধেয়কখনৰ লক্ষ্য হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু জনস্বাস্থ্যৰ ব্যয় পূৰণৰ বাবে সম্পদ সংগ্ৰহ কৰা আৰু নিৰ্দিষ্ট সামগ্ৰী নিৰ্মাণ বা উৎপাদনৰ বাবে আৰু ইয়াৰ সৈতে জড়িত বিষয়সমূহৰ বাবে ব্যৱহৃত যন্ত্ৰপাতি আৰু অন্যান্য প্ৰক্ৰিয়াসমূহৰ ওপৰত উপকৰ আৰোপ কৰা।

Last Updated : December 4, 2025 at 6:20 PM IST

ABOUT THE AUTHOR

...view details