সংসদৰ কাৰ্যবিধি আৰম্ভ, ৰাজ্যসভাৰ অধ্যক্ষ ৰাধাকৃষ্ণণক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ LIVE
🎬 Watch Now: Feature Video

Published : December 1, 2025 at 10:21 AM IST
|Updated : December 1, 2025 at 1:02 PM IST
সোমবাৰ অৰ্থাৎ আজিৰে পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশন ৷ ১৯ ডিচেম্বৰলৈকে চলিব এই অধিৱেশন ৷ ১৮ সংখ্যক লোকসভাৰ ষষ্ঠ অধিৱেশনৰ পূৰ্বে সংসদ ভৱনৰ হান্স গেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বীকৃতিপ্ৰাপ্ত সংবাদ মাধ্যমৰ প্ৰতিনিধিক সম্বোধন কৰে । প্ৰধানমন্ত্ৰীৰ এই ব্রিফিঙে পৰম্পৰাগতভাৱে অধিৱেশনৰ বিধায়িনী আৰু ৰাজনৈতিক এজেণ্ডাৰ ধাৰা নির্ধাৰণ কৰে ৷ ইফালে সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনৰ কাম কাজ আৰম্ভ হোৱাৰ পূৰ্বেই দেশত চলি থকা বিশেষ নিবিড় পুনৰীক্ষণ (এছ আই আৰ)ৰ ওপৰত জৰুৰী বিতৰ্কৰ বাবে সোমবাৰে সংসদ স্থগিত ৰখাৰ প্ৰস্তাৱ দাখিল কৰে কংগ্ৰেছৰ সাংসদ মণিকম ঠাকুৰ আৰু বিজয় কুমাৰ বসন্তে । ইয়াৰ পূৰ্বে দেওবাৰে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে সৰ্বদলীয় বৈঠক আহ্বান কৰে, য’ত সকলো বিৰোধী দলৰ নেতাই অংশগ্ৰহণ কৰে ৷ বৈঠকত সদন সৰ্বসন্মতিক্ৰমে চলোৱাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোচনা কৰা হয় ৷