সংসদৰ বিশেষ অধিৱেশন লাইভ: আজি তিনি বিধেয়ক সন্দৰ্ভত সদনত হ’ব ভোটদান - PARLIAMENT SPECIAL SESSION LIVE
🎬 Watch Now: Feature Video

Published : April 17, 2026 at 11:18 AM IST
|Updated : April 17, 2026 at 7:48 PM IST
তিনিখন বিধেয়কক লৈ আলোচনা আৰু বিতৰ্কৰ বাবে সংসদৰ বিশেষ অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ ৷ বৰ্ধিত বাজেট অধিৱেশনৰ তিনিদিনীয়া বিশেষ বৈঠকৰ প্ৰথম দিনাই বৃহস্পতিবাৰে সংসদত উত্থাপন কৰা হয় তিনিখন মূল বিধেয়ক - সংবিধান (১৩১ সংশোধনী) বিধেয়ক, ২০২৬, সীমা নিৰ্ধাৰণ বিধেয়ক, ২০২৬, কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক, ২০২৬। আজি বিয়লি ৪ বজাত একেটা বিষয়তে সিদ্ধান্ত লোৱা হ’ব ।
লোকসভাৰ বাবে বিজনেচ তালিকা অনুসৰি শুকুৰবাৰে সংবিধান (১৩১ সংশোধনী) বিধেয়ক, ২০২৬; কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক, ২০২৬; আৰু সীমা নিৰ্ধাৰণ বিধেয়ক, ২০২৬ ক একেলগে আলোচনাৰ বাবে লোৱা হ’ব । কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মহিলা সংৰক্ষণ বিধেয়ক, আৰু সীমা নিৰ্ধাৰণ বিধেয়কখনৰ সংশোধনী গৃহীত কৰিবলৈ প্ৰস্তাৱ দিয়াৰ সম্ভাৱনা আছে ।