সংসদৰ বাজেট অধিৱেশনৰ ষষ্ঠ দিনৰ কাৰ্যসূচী LIVE
🎬 Watch Now: Feature Video

Published : February 5, 2026 at 11:06 AM IST
|Updated : February 5, 2026 at 1:05 PM IST
চলিত বাজেট অধিৱেশনত সংসদৰ দুয়োখন সদনে ‘ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদ প্ৰস্তাৱ’ সন্দৰ্ভত বৃহস্পতিবাৰেও আলোচনা অব্যাহত ৰাখিছে ৷ এই প্ৰস্তাৱ লোকসভাত উত্থাপন কৰে সৰ্বানন্দ সোণোৱালে আৰু সমৰ্থন কৰে তেজস্বী সূৰ্যই ৷ এই আলোচনাৰ বাবে সদনে ১৮ ঘণ্টা সময় নিৰ্ধাৰণ কৰিছে ৷ বুধবাৰে ৰাষ্ট্ৰপতিৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদৰ প্ৰস্তাৱৰ উত্তৰ দিয়াৰ সম্ভাৱনা আছিল যদিও বিৰোধী সদস্যৰ বাৰে বাৰে বিঘিনি আৰু শ্লোগান দিয়াৰ পিছত অধ্যক্ষই লোকসভা স্থগিত ৰাখে ৷ আলোচনা অব্যাহত থকাৰ সময়তে আজি ৰাজ্যসভাত প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাব পাৰে ৷ ৰাজ্যসভাত বিজেপিৰ সাংসদ সদানন্দ মাষ্টৰে উত্থাপন কৰিলে ধন্যবাদৰ প্ৰস্তাৱ ৷ ২৮ জানুৱাৰীত বাজেট অধিবেশনৰ আৰম্ভণিতে দুয়োখন সদনৰ যৌথ বৈঠকত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দিয়া ভাষণৰ প্ৰতি সঁহাৰি জনাই এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে ৷ আজি কাৰ্যসূচী অনুসৰি নিম্ন সদনে ২০২৬-২৭ চনৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আলোচনা আৰম্ভ কৰাৰ কথা ৷