ৰাজ্য চৰকাৰেও মাজুলীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাটো বিচাৰে: পবিত্ৰ মাৰ্ঘেৰিটা - ইটিভি ভাৰত অসম
🎬 Watch Now: Feature Video

Published : June 17, 2026 at 7:20 PM IST
মাজুলী: বুধবাৰে মাজুলীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা । মাজুলীত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ জন কল্যাণ আঁচনিসমূহৰ ওপৰত এখন প্ৰদৰ্শনী আৰু এখন ভাব-বিনিময় সভাত অংশগ্ৰহণ কৰে । বিশেষ ফেৰীৰে মাজুলীত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়,"দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সহযোগিতাত চৰাইদেউৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিলে । অসমবাসী তথা মাজুলীবাসীয়ে বিচাৰে যাতে মাজুলীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰে । আমাৰ ৰাজ্য চৰকাৰেও মাজুলীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি বিচাৰে, গতিকে আমাৰ ফালৰ পৰা যিখিনি কাম কৰিব লাগে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।"
ইফালে লণ্ডনৰ বুকুত এতিয়া অসমীয়া সংস্কৃতিৰ জয়যাত্ৰা । ব্ৰিটিছ পাৰ্লিয়ামেণ্টত আমন্ত্ৰিত মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী । কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ মতে,"এয়া আমাৰ হেঁপাহৰ শংকৰী আৰু সত্ৰীয়া সংস্কৃতিক বিশ্বজনীন কৰাৰ এক অনন্য আৰু ঐতিহাসিক মুহূৰ্ত ।" পীতাম্বৰ দেৱগোস্বামীক শুভেচ্ছা জ্ঞাপন কৰে পবিত্ৰ মাৰ্ঘেৰিটাই ।