হৰ ঘৰ ত্ৰিৰংগা, নগাঁও জিলা প্ৰশাসনে উলিয়ালে বাইক ৰেলী

🎬 Watch Now: Feature Video

thumbnail
হৰ ঘৰ ত্ৰিৰংগা, নগাঁও জিলা প্ৰশাসনে উলিয়ালে বাইক ৰেলী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 13, 2026 at 3:04 PM IST

1 Min Read
Choose ETV Bharat

নগাঁও: ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৯ আগষ্টৰ পৰা ১৭ আগষ্টলৈ দেশজুৰি 'হৰ ঘৰ ত্ৰিৰংগা' অভিযান আৰম্ভ হৈছে । এই উদ্দেশ্যৰে দেশৰ লগতে অসমৰ প্ৰতিখন জিলাত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নগাঁও জিলাতো হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বাইক ৰেলী উলিওৱা হয় ।

জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ পৰা আৰম্ভ হোৱা এই বাইক ৰেলী চহৰখনৰ ক্লক টাৱাৰ হৈ উৰিয়াগাঁও চক-বৰঘাট হৈ নেহেৰুবালিত সামৰণি পৰে । সকলো বাইকত জাতীয় পতাকা আঁৰি দিয়া হয় । জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে তেওঁ নিজেও সমদলত অংশগ্ৰহণ কৰে ।

উদ্বোধনী ভাষণত তেওঁ কয়,"আমি সকলোৱে ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি যিদৰে সন্মান প্ৰদৰ্শন কৰোঁ, একেদৰে যদি নিজৰ আৰু আনৰ জীৱনৰ প্ৰতিও দায়িত্বশীল হওঁ, তেন্তে এখন অধিক সুৰক্ষিত আৰু দায়িত্বশীল সমাজ গঢ়ি তোলাটো সম্ভৱ হ’ব ।" এই কাৰ্যসূচীত অতিৰিক্ত আয়ুক্ত মৃদুল বড়ো, জিলা পৰিবহণ বিষয়া সীমান্ত বৰা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত থাকে ।

লগতে পঢ়ক: জোনাইত 'হৰ ঘৰ ত্ৰিৰংগা' অভিযানৰ লগত সংগতি ৰাখি ত্ৰিৰংগা ৱাকাথন - HAR GHAR TIRANGA 2026

বন্যাৰ্তক সহায় কৰিবলৈ ১৫ আগষ্টত অনশনত বহিব শিৱসাগৰৰ বিধায়ক অখিল গগৈ