ধুবুৰীৰ দক্ষিণপাৰত অবৈধ কাঠফলা মিল উৎখাত - অবৈধ কাঠফলা কল

🎬 Watch Now: Feature Video

thumbnail
ধুবুৰীৰ দক্ষিণপাৰত অবৈধ কাঠফলা কল উৎখাত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 4, 2026 at 6:35 PM IST

1 Min Read
Choose ETV Bharat

ধুবুৰী: মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নিৰ্দেশৰ পিছতে অবৈধ কাঠফলা কলৰ বিৰুদ্ধে হাতে কামে লাগিছে বন বিভাগ । ৰাজ্য়ৰ আন ঠাইৰ লগতে ধুবুৰীৰ দক্ষিণপাৰৰ পোৰাৰভিটাত বনবিভাগে অভিযান চলাই অবৈধ কাঠফলা মিল, বহু মূল্যৱান গছৰ কুণ্ডা জব্দ কৰে ।  

ধুবুৰী বন বিভাগে শনিবাৰে পোৰাৰভিটা অঞ্চলত অভিযান চলাই বুজন পৰিমাণৰ মূল্যবান গছৰ কুণ্ডা জব্দ কৰাৰ লগতে এটা অবৈধ কাঠফলা কল উৎখাত কৰিছে । অৱশ্য়ে এই অবৈধ বেহাত জড়িত কোনো বেপাৰীকে গ্ৰেপ্তাৰ কৰিব পৰা নাই বনবিভাগে । জব্দ কৰা সামগ্ৰীসমূহ পিচত ধুবুৰীলৈ অনা হয় আৰু বিভাগৰ জিম্মাত ৰখা হৈছে ।

এই সন্দৰ্ভত ধুবুৰীৰ আঞ্চলিক বন বিষয়া খৰ্গেশ্বৰ বৈশ্য কয়, "ধুবুৰীৰ ডিএফঅ'ৰ নিৰ্দেশ অনুসৰি এই অভিযান চলোৱা হৈছিল । এই অভিযান সফলভাৱে সম্পন্ন কৰো । অৱশ্যে অভিযান কালত কোনো লোক গ্ৰেপ্তাৰ কৰা হোৱা নাই ।"

লগতে পঢ়ক:মৰাণত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান, ৬ টা কাঠফলা মিল জব্দ বন বিভাগ

অবৈঠ কাঠৰ দোকান বিচাৰি নলবাৰীৰ ভিন্ন প্ৰান্তত অভিযান বন বিভাগৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details