ইন’ভা আৰু মটৰচাইকেলৰ সংঘৰ্ষত থিতাতে প্ৰাণ হেৰুৱালে এজনে - কলিয়াবৰত পথ দুৰ্ঘটনা
🎬 Watch Now: Feature Video

Published : May 11, 2026 at 2:50 PM IST
কলিয়াবৰ: বিগত প্ৰায় এসপ্তাহৰ ভিতৰতে কলিয়াবৰত সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনা ৷ সোমবাৰে কলিয়াবৰ আৰক্ষী নিৱেশৰ অন্তৰ্গত হাতীগাঁৱত ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ এক দুৰ্ঘটনা সংঘটিত হয় ৷ ইন’ভা আৰু মটৰচাইকেলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে প্ৰাণ হেৰুৱায় এজনে ৷
প্ৰত্যক্ষদৰ্শীৰ মতে, নগাঁও অভিমুখে গৈ থকা মটৰ চাইকেলখনৰ বিপৰীত দিশৰ পৰা আহি থকা ইন'ভাখনৰ সৈতে সংঘৰ্ষ ঘটে ৷ দুয়োখন বাহনে প্ৰচণ্ড জোৰে মুখামুখিকৈ খুন্দা মৰাত মটৰচাইকেল আৰোহীজন ওফৰি ৰাজপথত পৰে ৷ তেনে সময়তে সেই পথেৰে আহি থকা এখন আলট্ৰা বাছে মটৰচাইকেল আৰোহীজনক খুন্দিওৱাত থিতাতে মৃত্যুমুখত পৰে ৷ এই ঘটনাৰ পিছতে বাছখনে উক্ত স্থানৰ পৰা পলায়ন কৰে আৰু বৰ্তমানলৈকে তাৰ কোনো শুংসূত্ৰ পোৱা নাই ৷
এই দুৰ্ঘটনাৰ পিছত ক্ষুব্ধ স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি, দুৰ্ঘটনাস্থলীৰ ঠিক সমীপতে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথটো সম্পূৰ্ণ নোহোৱাত কলিয়াবৰ তিনিআলিৰ অসম্পূৰ্ণ উৰণসেতুলৈকে দুইলেনযুক্ত পথেৰে যান-বাহনৰ চলাচল হৈ থকাত চালকসকল সমস্যাৰ সন্মুখীন হয় । তদুপৰি দীৰ্ঘদিনে উৰণসেতুখনৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাত কলিয়াবৰ তিনিআলিতো প্ৰায়ে দুৰ্ঘটনা সংঘটিত হ’বলৈ ধৰিছে । উৰণসেতুখন যাতায়াতৰ বাবে মুকলি নোহোৱা পৰ্যন্ত এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈয়েই থাকিব বুলিও স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে ৷ ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে যদিও নিহত যুৱকজনৰ পৰিচয় এই পৰ্যন্ত লাভ কৰা নাই ৷
লগতে পঢ়ক: পত্নীৰ হত্যাকাৰীক চৰম শাস্তিৰ দাবী চিকিৎসক ৰঞ্জিত শইকীয়াৰ