সৰুপথাৰত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন - SARUPATHAR ROAD ACCIDENT
🎬 Watch Now: Feature Video

Published : April 22, 2026 at 7:58 PM IST
সৰুপথাৰ : সৰুপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা । এখন মালবাহী ট্ৰাকে খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় সৰুপথাৰ গন্ধকৰৈৰ এজন লোক । লোকজনক ২নং গন্ধকৰৈ গাঁৱৰ নৰেন শইকীয়া (৬৫) বুলি চিনাক্ত কৰা হৈছে ।
বুধবাৰে বিয়লিৰ সময়ত সৰুপথাৰ নগৰলৈ চাইকেলেৰে আহিছিল লোকজন । সেই সময়তে সৰুপথাৰ নগৰৰ মাজমজিয়াত এখন মালভৰ্তি ট্ৰাকৰ খুন্দাত তেওঁ থিতাতে নিহত হয় । দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে AS-23-CC-3977 । ইফালে দুৰ্ঘটনাত পতিত লোকজনক ততাতৈয়াকৈ সৰুপথাৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । আনহাতে, চালকজনক স্থানীয় লোকে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
ঘটনা সন্দৰ্ভত এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে কয়, "মই যেতিয়া আহি পাইছোঁ তেতিয়া গাড়ীখনে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰি এইফালে পাৰ হৈ গৈছে । মই গৈ দেখিলোঁ তেখেতৰ ইতিমধ্যে মৃত্যু হৈছে । তাৰ পৰা মই অ'টোখন মাতি সৰুপথাৰ হাস্পতাললৈ আনো । ট্ৰাক চালকজনে অলপ উদণ্ডভাৱে চলাইছিলে । ট্ৰাকখন আৰু গাড়ীৰ চালকজনক ধৰা হৈছে ।"