পুৰুষ-মহিলা উভয় কণ্ঠত গীত গাই ব্যাপক চৰ্চাত এজন যুৱক - ONE MAN TWO VOICES
🎬 Watch Now: Feature Video

Published : May 14, 2026 at 6:52 PM IST
ডিব্ৰুগড় : চেষ্টাৰ অসাধ্য যে একো নাই সেই কথা পুনৰ প্ৰমাণ কৰিলে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ মানসজ্যোতি দিহিঙীয়াই । সামাজিক মাধ্যমতো ব্যাপক চৰ্চা লাভ কৰিছে মানসজ্যোতিয়ে । খোৱাং শেনচোৱা পুখুৰীৰ বাসিন্দা মানসজ্যোতিৰ কণ্ঠ শুনিলে আপুনিও তবধ মানিব । মানসজ্যোতিয়ে সলসলীয়াকৈ গাব পাৰে পুৰুষ-মহিলা উভয় কণ্ঠত গীত । কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ ঘৰতে অনুশীলন কৰি এতিয়া সকলোৰে মাজত বিশেষ চৰ্চা লাভ কৰিছে এই যুৱকজনে ।
অনন্য প্ৰতিভাৰ গৰাকী মানসজ্যোতি বিহু দলৰ সৈতেও জড়িত । মানসজ্যোতিয়ে মহিলা কণ্ঠত গীত গাই থকা আপুনি যদি নিজ চকুৰে দেখে নাপায়, তেতিয়াহ'লে ধৰিব নোৱাৰিব গীত গাই থকা গৰাকী যে মহিলা নহয় । নিজৰ চেষ্টাৰে সকলো সম্ভৱ কৰি তুলিছে মানসজ্যোতিয়ে ।
খোৱাং মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ মানসজ্যোতিয়ে কয়, "ঘৰত এদিন গীত গাই থাকোঁতে মহিলাৰ মাতটো আহি গৈছিল । তেতিয়াৰ পৰাই মহিলাৰ কণ্ঠত গীত গাবলৈ চেষ্টা কৰিছোঁ । এতিয়া বন্ধুসকলৰ লগতে বিভিন্নজনে মহিলাৰ কণ্ঠত গীত গাবলৈ দিয়ে, গীত গাই দিওঁ । গীত গাবলৈ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা লোৱা নাই । নিজেই ঘৰতেই চেষ্টা কৰি আছোঁ ।" মুঠৰ ওপৰত চেষ্টা কৰিলে সকলো জটিল বুলি ভবা কামেই যে সহজে কৰিব পাৰি সেই কথা প্ৰমাণ কৰি দিছে মানসজ্যোতি দিহিঙীয়া নামৰ এই প্ৰতিভাৱান যুৱকজনে ।
লগতে পঢ়ক : মৰিগাঁও বগৰীগুৰিত নাথ সম্প্ৰদায়ৰ তৃতীয় বাৰ্ষিক মুকলি বিহু