পথৰ কাষত চাঙত বহি থাকোতেই মহতিয়ালে তীব্ৰবেগী বাহনে, এজন নিহত - KALABOR ROAD ACCIDENT

🎬 Watch Now: Feature Video

thumbnail
চাঙত বহি থাকোতেই মহতিয়ালে তীব্ৰবেগী বাহনে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 8, 2026 at 10:02 AM IST

1 Min Read
Choose ETV Bharat

কলিয়াবৰ: চৰণেহে জানে মৰণৰ ঠাই । কলিয়াবৰত পথৰ কাষৰ চাঙত বহি থাকোতেই এখন তীব্ৰবেগী বাহনে মহতিয়ালে দুজন ব্যক্তিক । ইয়াৰে এজন লোকৰ থিতাতে মৃত্য়ু হোৱাৰ লগতে আনজন গুৰুতৰভাৱে আহত হয় ।

কুঁৱৰীটোল-শিলঘাট পথৰ চামধৰা গাঁৱত যোৱা বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনাটো । পথৰ কাষৰ চাঙত বহি থকা অৱস্থাত এ এছ০২ ৭৫৩৩ নম্বৰৰ তীব্ৰবেগী বাহন এখনে মহতিয়াই নিয়ে দুজন লোকক । প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে, বাহনখন তীব্ৰ গতিত আহি এজোপা গছত খুন্দা মাৰি এখন দোকানৰ কাষৰ চাঙত বহি থকা দুয়োজন ব্যক্তিকে মহতিয়াই নিয়ে । এই ঘটনাত চেনাইৰাম গগৈ নামৰ ব্যক্তিজনৰ মৃত্যু হয় । দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকজনে সুৰা সেৱন কৰা অভিযোগ উত্থাপন কৰিছে প্ৰত্যক্ষদৰ্শীয়ে ।

কলিয়াবৰত  প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত গুৰুতৰভাৱে আহত গৌতম শইকীয়াক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় । এইঘটনা সন্দৰ্ভত এগৰাকী প্ৰত্য়ক্ষদৰ্শীয়ে কয়, "চাঙত বহি থাকোতেই বাহনখনে খুন্দিয়াই । ফলত এজন লোকৰ থিতাতে মৃত্য়ু হয় । বাহনখন তীব্ৰগতিত আহি এডাল গছত খুন্দা মৰাৰ পিচত দোকানখনতো খুন্দিয়াই । গছডাল থকা বাবে মোৰ লগতে মা, স্বামী আৰু ছোৱালীজনীৰ প্ৰাণৰক্ষা পৰিল ।" 

লগতে পঢ়ক:চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৪

মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত তীব্ৰবেগী ট্ৰাকে মহতীয়ালে বৃদ্ধক

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details