বিশ্ব পৰিৱেশ দিৱসৰ দিনাই প্ৰকৃতিত কুঠাৰাঘাত, গছ কাটি বিতৰ্কত বিদ্যালয় - ইটিভি ভাৰত অসম
🎬 Watch Now: Feature Video

Published : June 5, 2026 at 7:55 PM IST
নগাঁও: পৰিৱেশ সুৰক্ষাৰ সজাগতা অনাৰ বাৰ্তাৰে বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰোপণ কৰা হয় গছপুলি । নাগৰিক, চৰকাৰ, অনুষ্ঠান-প্ৰতিষ্ঠানে ৰোপণ কৰে গছপুলি । কিন্তু বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত গছ কাটি বিতৰ্কত সাঙোৰ খাইছে নগাঁৱৰ এটা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান । নগাঁৱৰ ডিমৰুগুৰিস্থিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় নাৰায়না কৰ্তৃপক্ষই বিদ্যালয় চৌহদৰ এজোপা গছ কটাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় নগাঁৱত ।
গছ কটা প্ৰত্যক্ষ কৰি স্থানীয় লোকৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যকৰ্তাও জাঙুৰ খাই উঠে । জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা-কৰ্মী উপস্থিত হৈ গছ কটাৰ তীব্ৰ বিৰোধিতা কৰি খবৰ দিয়ে নগাঁও বন বিভাগক । বন বিভাগৰ লোক উপস্থিত হৈ শিক্ষানুষ্ঠানখনৰ অনুমতি অবিহনে গছ কটা কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দিয়ে বন বিভাগৰ বিষয়ায়ো । ইপিনে, বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত গছ কটা শিক্ষানুষ্ঠান নাৰায়নাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ।