মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত ৫ বিশিষ্ট ব্যক্তিক 'মৰিগাঁও উৎকৰ্ষ বঁটা' প্ৰদান - ইটিভি ভাৰত অসম
🎬 Watch Now: Feature Video

Published : July 3, 2026 at 3:52 PM IST
মৰিগাঁও: দিনজোৰা শৈক্ষিক, সাংস্কৃতিক আৰু সম্বৰ্ধনা কাৰ্যসূচীৰে বৃহস্পতিবাৰে মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লীলাকান্ত বৰঠাকুৰে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে ডঃ ভূপেন হাজৰিকা আৰু ডঃ এ পি জে আব্দুল কালামৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।
মহাবিদ্যালয়ৰ ১৯টা বিভাগৰ সাফল্যক লৈ আয়োজিত 'উৎকৰ্ষ-২০২৬' অনুষ্ঠানত ভূগোল বিভাগে 'শ্ৰেষ্ঠ বিভাগ বঁটা' লাভ কৰে । ইয়াৰ উপৰি প্ৰাণীবিজ্ঞান, অসমীয়া, ৰসায়ন আৰু গণিত বিভাগকো বিশেষ বিভাগীয় বঁটা প্ৰদান কৰা হয় । অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ অধ্যাপক যোগেন চন্দ্ৰ কলিতা আৰু প্ৰীতি মহন্ত কলিতা উপস্থিত থাকে ।
শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক এ কে বৰাৰ উপস্থিতিত অনুষ্ঠিত 'সন্মান' অনুষ্ঠানত জিলাখনৰ ৫ গৰাকী বিশিষ্ট ব্যক্তিক 'মৰিগাঁও উৎকৰ্ষ বঁটা, ২০২৬' প্ৰদান কৰা হয় ।
বঁটা প্ৰাপকসকল হ'ল ক্ৰমে মনেশ্বৰ দেউৰী (সাহিত্য), ডঃ পৱন গগৈ (সংস্কৃতি), ভগৱান ভৰালী (ক্ৰীড়া), সোণাৰাম বণিয়া (কৃষি), ডঃ দেৱজিত কলিতা (যুৱ উদ্যোগপতি) ।
আনহাতে, 'ৰংতৰং' সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট দেশপ্ৰেমিক শিল্পী বাবা সত্যনাৰায়ণ মৌৰ্য আৰু নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ শৰৎ বৰকটকী উপস্থিত থাকে ।