ৰ'বলৈ সময় নাই, শপতগ্ৰহণৰ পূৰ্বেই ৰাইজৰ সমস্যাৰ বুজ ল'লে বিধায়ক জীৱন গগৈয়ে - MLA JIBAN GOGOI
🎬 Watch Now: Feature Video

Published : May 19, 2026 at 5:20 PM IST
জোনাই: ৰাজ্যত এনডিএ ১০২ খন আসনেৰে বৃহৎ সংখ্যক জয় সাব্যস্ত কৰি চৰকাৰ গঠনৰ পিছত দেখা গৈছে নৱ-নিৰ্বাচিত বিধায়কসকলে সমষ্টিয়ে সমষ্টিয়ে এক্সন মোডত নামি পৰিছে । বিকাশ আৰু পৰিৱৰ্তন প্ৰকৃতাৰ্থত ৰাইজৰ মাজলৈ লৈ যাবলৈ সংকল্পবদ্ধ বৰ্তমানৰ প্ৰতিগৰাকী জনপ্ৰতিনিধি । একেই সংকল্পৰে আগুৱাইছে চিচিবৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক জীৱন গগৈ ।
মঙলবাৰে বিধায়ক জীৱন গগৈয়ে ধেমাজি জলসম্পদ বিভাগৰ কাৰিকৰী দলৰ সৈতে মৰিঢল গাঁও পঞ্চায়তৰ পশ্চিম সুবাহীত বালিচৰী নৈৰ খহনীয়াত বিধ্বস্ত অঞ্চলটো পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ মতামত লয় । ইফালে বালিচৰী নৈৰ খহনীয়া পৰিদৰ্শন কৰি নৱ-নিৰ্বাচিত বিধায়কগৰাকীয়ে ইয়াৰ স্থায়ী সমাধানৰ হেতু বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে পদক্ষেপ হাতত লোৱা হ'ব বুলি মত ব্যক্ত কৰে ৷ ইফালে বিধায়কগৰাকীয়ে অঞ্চলবাসীৰ সমস্যা সমাধান কৰিব পাৰিব বুলি আশাবাদী স্থানীয় লোক ।