ধুবুৰীত ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন - NATIONAL DENGUE DAY
🎬 Watch Now: Feature Video

Published : May 16, 2026 at 9:40 PM IST
ধুবুৰী: ধুবুৰীত ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন । ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি প্ৰতি বছৰে ১৬ মে'ত সমগ্ৰ দেশতে এই দিৱস পালন কৰা হয় । বাৰিষাৰ পূৰ্বে ডেংগু মহৰ বংশবৃদ্ধি ৰোধ কৰা আৰু জনসাধাৰণক সজাগ কৰাই হৈছে এই দিৱসৰ মূল উদ্দেশ্য ।
শনিবাৰে সমগ্ৰ দেশৰ লগতে ধুবুৰীতো ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন কৰা হয় । ধুবুৰী জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ সভাকক্ষত এই উপলক্ষে এখনি সজাগতামূলক সভাৰ আয়োজন কৰা হয় । এই সভাত ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ জ্যোতি কুমাৰ দাসে কয়, "১৬ মে'ৰ দিনটো ৰাষ্ট্ৰীয় ডেংগু দিৱস হিচাপে পালন কৰা হয় । ডেংগু কেনেকৈ বিয়পে, ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায়সমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰাটোৱে আজিৰ আলোচনাৰ মূল বিষয় । ডেংগু বেমাৰৰ প্ৰতিৰোধৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা অনাৰ উদ্যেশ্যে ধুবুৰী জিলা স্বাস্থ্য বিভাগে সজাগতা মূলক প্ৰচাৰ কৰি থকা হৈছে ।"
ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে পুনৰ কয় যে বাৰিষাৰ বতৰ আৰম্ভ হোৱাৰ পূৰ্বেই মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ চাফ-চিকুণতা অৱলম্বন কৰাটো খুবেই প্ৰয়োজন ।
লগতে পঢ়ক:মহৰ কামোৰৰ পৰা ৰক্ষা কৰিব শুকলতি তেলে !