ৰ'জক মাৰিয়েই শান্ত হৈ বহি আছে আৰক্ষী, এই ঘটনাত আন কেবাটাও জড়িত আছে ! মৃদুমুদ্ৰাৰ আত্মীয়ৰ অভিযোগ - নলবাৰীৰ গংগাপুৰৰ বৰবৰ নৃশংসকাণ্ড

🎬 Watch Now: Feature Video

thumbnail
চিকিৎসাধীন অৱস্থাতে মৃত্যু মৃদুমুদ্ৰা ডেকাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 3, 2026 at 1:49 PM IST

2 Min Read
Choose ETV Bharat

নলবাৰী: ‘‘ৰ'জ আলীৰ লগত আৰু চাৰি-পাঁচটা জড়িত আছে ৷ ৰ'জে অকলেই ইমান ডাঙৰ কামটো কৰিব নোৱাৰে ৷ ৰ'জে অকলে এটাক মাৰি আনটোক ছয়-সাতবাৰ কাটিব নোৱাৰে ৷ ইমান ব্যস্ত ৰাস্তাত দুজন কাটি সি অকলেই পলাই যোৱাটো সম্ভৱেই নহয় ৷ পুলিচে এজনক মাৰিয়েই শান্ত হৈ বহি আছে ৷ মই বুকু ডাঠ কৰি কৈছো ৰ'জৰ লগত আৰু কোনোবা জড়িত হৈ আছিল ৷’’ এই ভাষ্য মৃদুমুদ্ৰা ডেকাৰ খুৰাকৰ ৷

তেওঁ আৰু কয়, ‘‘আমাৰ গাঁৱৰ পৰা দুটা ধ্ৰুৱতৰা নোহোৱা হ’ল ৷ মাধুৰ্য বৰ্মনৰ মৃত্যুৰ এমাহ এদিনৰ পাছত মৃত্যু হ’ল মৃদুমুদ্ৰাৰ ৷ হাস্পতালত যাৱতীয় সকলোখিনি শেষ কৰি প্ৰায় ২ বজাত মৃদুমুদ্ৰাৰ মৃতদেহ ঘৰ পাবহি ৷’’

মৃদুমুদ্ৰা ডেকাৰ বৰমাকে কয়, ‘‘তাই বহুত মেধাৱী ছাত্ৰী আছিল ৷ এই দুৰ্ঘটনাটো হোৱাৰ পাছত তাই আমি কোনেও একো কোৱা নাছিল ৷ সকলোৰে এটাই আশা আছিল তাইক সুস্থ কৰি ঘৰলৈ ওভতাই অনাটো ৷ প্ৰথম অপাৰেশ্বনৰ সময়ত সকলো ঠিকেই আছিল ৷ কিন্তু তৃতীয়টো অপাৰেশ্বনৰ পাছৰে পৰা তাই কিছু অসুস্থ হৈ পৰে ৷’’

ইতিমধ্যে সকলোৰে জ্ঞাত যে সমগ্ৰ অসম জোকাৰি যোৱা মুকালমুৱা গংগাপুৰত সংঘটিত হোৱা বৰ্বৰ হত্যাকাণ্ডত আঘাতপ্ৰাপ্ত হোৱা মৃদুমুদ্ৰা ডেকা GMCH ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ৷ শুকুৰবাৰে পুৱা প্ৰায় ৭ বাজি ৩০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে মৃদুমুদ্ৰাই ।

উল্লেখ্য যে, যোৱা ৩১ মে’ত ৰ'জ আলীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছিল মৃদুমুদ্ৰা ডেকা । লগতে ৰ'জ আলীৰ আক্ৰমণত থিতাতে নিহত হৈছিল আছু নেতা মাধুৰ্য বৰ্মন । 

লগতে পঢ়ক : এমাহজোৰা যুদ্ধৰ অন্তত GMCH-ত মৃত্যু নলবাৰীত আক্ৰমণৰ বলি হোৱা মৃদুমুদ্ৰা ডেকাৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details