তিতাবৰত নৃশংস হত্যাকাণ্ড, আৰক্ষীৰ জালত হত্যাকাৰী কুশ - TITABOR NEWS

🎬 Watch Now: Feature Video

thumbnail
চোকা অস্ত্ৰৰে ডিঙি ৰেপি তিতাবৰত এজনক হত্যা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 8, 2026 at 7:39 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট : বুধবাৰে তিতাবৰ বান্দৰচলীয়া বেজৰ চুকত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়। ঘটনাৰ বিবৰণি অনুসৰি, কুশ ওৰফে ফছো নামৰ ব্যক্তিজনে পুতুল গগৈ নামৰ লোকজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। গৰু এটাক কেন্দ্ৰ কৰি এটা কাজিয়াৰ বাবেই এই হত্যা কাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ৷

স্থানীয় ৰাইজে কয়,"পথাৰত কাম কৰি থকা অৱস্থাতে কুশে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে পুতুল গগৈক । ফলত গুৰুতৰভাবে আহত হয় পুতুল গগৈ ৷ লগে লগে সংকটজনক অৱস্থাত তিতাবৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসা বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় ৷ কিন্তু যোৰহাটৰ চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । হত্যাকাৰী কুশক ফাঁচী দিব লাগে ৷"

ইফালে ঘটনা সংঘটিত কৰিয়ে হত্যাকাৰী কুশ ওৰফে ফছো বাগানৰ মাজেৰে পলায়ন কৰে যদিও তিতাবৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় হত্যাকাৰীক । ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : অসম-নাগালেণ্ড সমস্যাক লৈ সৰুপথাৰত আছুসহ তিনি সংগঠনৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details