কৰ্কট চিনাক্তকৰণৰ‌ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়-অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বুজাবুজি চুক্তি - অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন

🎬 Watch Now: Feature Video

thumbnail
কৰ্কট চিনাক্তকৰণৰ‌ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়-অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বুজাবুজি চুক্তি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 6, 2026 at 7:16 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা: কৰ্কট ৰোগ চিনাক্তকৰণ আৰু চিকিৎসাৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ বাবে আগুৱাই আহিছে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন ।‌ এই সন্দৰ্ভত শনিবাৰে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মাজত প্ৰথমবাৰলৈ এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ।

বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মাজত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত স্বাক্ষৰিত এই চুক্তি অনুসৰি এতিয়াৰে পৰা দুয়োটা প্ৰতিষ্ঠানে ঐক্যবদ্ধভাৱে কাম কৰিব । সেই অনুসৰি কৰ্কট ৰোগ চিনাক্তকৰণৰ বাবে মানুহৰ স্বাস্থ্য পৰীক্ষা কৰা, শিৱিৰ স্থাপন, কৰ্কট ৰোগৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ আদি কামবোৰ ইমানদিনে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনে এককভাবে কৰিছিল যদিও এতিয়াৰে পৰা বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল তেওঁলোকৰ সহযোগী হ'ব ।‌  

ইয়াৰে বাবে চিকিৎসা মহাবিদ্যালয়খনৰ কমিউনিটি মেডিচিন বিভাগ বিশেষ দায়িত্বত থাকিব ।‌ স্বাক্ষৰিত বুজাবুজি চুক্তি অনুসৰি বৰপেটা চিকিৎসা মহাবিদ্যালয়ত পোষ্ট গ্ৰেজুৱেট অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে  অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ কামকাজৰ লগত যুক্ত হ'ব ।‌ আজি চুক্তিত স্বাক্ষৰ কৰা অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মুখ্য পৰিচালনা বিষয়া অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ডাঃ জয়প্ৰকাশ যাদৱে কয় যে অসমৰ‌ এক কোটি লোকৰ স্বাস্থ্য পৰীক্ষাৰ অভিযান তেওঁলোকে অব্যাহত ৰাখিছে ।‌ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই পৰামৰ্শ আগবঢ়াইছে । সেই লক্ষ্য পূৰণৰ বাবে সম্পাদিত চুক্তিখনে অধিক ত্বৰান্বিত কৰিব বুলি যাদৱে মন্তব্য কৰে ।  

আনহাতে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰে কয়," কৰ্কট ৰোগৰ সজাগতা,চিনাক্ত কৰা তথা চিকিৎসাৰ ক্ষেত্ৰত আমি সকলেৱে একো একোজন সৈনিক হ'ব লাগিব । অসমৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালয়ে প্ৰথমবাৰলৈ সম্পাদন কৰা এই চুক্তিয়ে কৰ্কট ৰোগৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা অধিক বৃদ্ধি কৰিব ।‌"  

লগতে পঢ়ক:ডিমা হাছাওত এইচপিভি ভাইৰাছ প্ৰতিৰোধী টীকাকৰণ অভিযান

কৰ্কট ৰোধ প্ৰতিৰোধত ভিটামিন চি-ৰ ভূমিকা কি ? গৱেষণাই কি কয়...

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details